নতুন দিল্লী, ১৭ জুলাই (হি.স.)। আজি বিশ্বৰ মূলধনী বজাৰৰ পৰা মিশ্ৰিত সংকেত লাভ কৰা হৈছে। যোৱা অধিবেশনত আমেৰিকাৰ বজাৰখন শক্তিশালীভাৱে বন্ধ হ’বলৈ সক্ষম হৈছিল। অৱশ্যে ডাউ জ’নছ ফিউচাৰ্ছৰ বৰ্তমান মূল্য হ্ৰাসৰ সৈতে ব্যৱসায় চলি আছে। যোৱা অধিবেশনত ইউৰোপৰ বজাৰত ধাৰাবাহিকভাৱে বিক্ৰী হৈছিল। আনহাতে আজি এছিয়াৰ বজাৰত মিশ্ৰিত ব্যৱসায় চলি আছে।
যোৱা অধিবেশনৰ সময়ছোৱাত আমেৰিকাৰ বজাৰত ক্ৰয়ৰ চাপ অব্যাহত আছিল, যাৰ বাবে ৱাল ষ্ট্ৰীটৰ সূচকাংকসমূহ লাভৰ সৈতে বন্ধ হ’বলৈ সক্ষম হৈছিল। এছ এণ্ড পি ৫০০ সূচকাংক ০.৩২ শতাংশ বৃদ্ধিৰে ৬,২৬৩.৭০ পইণ্টত বন্ধ হয়। একেদৰে নাছডাকে যোৱা অধিবেশনৰ ব্যৱসায় ০.২৫ শতাংশ বৃদ্ধিৰে ২০,৭৩০.৪৯ পইণ্টত সমাপ্ত কৰে। আনহাতে, আজি ০.১৭ শতাংশ হ্ৰাস পাই ডাউ জ’নছ ফিউচাৰছৰ মূল্য বৰ্তমান ৪৪,১৭৭.৫২ পইণ্টত ব্যৱসায় কৰা দেখা গৈছে।
আমেৰিকাৰ বজাৰৰ দৰে নহয়, যোৱা অধিবেশনৰ সময়ছোৱাত ইউৰোপীয় বজাৰখন হেঁচাত আছিল। এফ টি এছ ই সূচকাংক ০.১৩ শতাংশ দুৰ্বলতাৰে ৮,৯২৬.৫৫ পইণ্টত বন্ধ হয়। একেদৰে যোৱা অধিবেশনত চি এ চি সূচকাংক ০.৫৭ শতাংশ হ্ৰাস পাই ৭,৭২২.০৯ পইণ্টত সমাপ্ত হয়। ইয়াৰ উপৰিও ডেক্স সূচকাংক ০.২১ শতাংশ হ্ৰাস পাই ২৪,০০৯.৩৮ পইণ্টত বন্ধ হয়।
আজি এছিয়াৰ বজাৰতো মিশ্ৰিত ব্যৱসায় দেখা যায়। এছিয়াৰ ৯খন বজাৰৰ ভিতৰত ৬খনৰ সূচকাংকই বৃদ্ধিৰ সৈতে সেউজীয়া মাৰ্কত ব্যৱসায় কৰি আছে, আনহাতে ৩খন সূচকাংক হ্ৰাসৰ সৈতে ৰঙা মাৰ্কত আছে। গিফ্ট নিফটিৰ মূল্য ০.০৫ শতাংশ দুৰ্বলতাৰে ২৫,২১৯.৫০ পইণ্টত ব্যৱসায় কৰা হৈছে। একেদৰে হাং চেং সূচকাংক ০.১৭ শতাংশ হ্ৰাস পাই ২৪,৪৭৫.১৮ পইণ্ট আৰু কস্পি সূচকাংক ০.০৫ শতাংশ হ্ৰাস পাই ৩,১৮৪.৭৫ পইণ্টত উপনীত হয়।
আনহাতে, নিকেই সূচকাংক ০.২৪ শতাংশ বৃদ্ধিৰে ৩৯,৭৫৯.৬২ পইণ্টত ব্যৱসায় কৰা হৈছে। একেদৰে ষ্ট্ৰেইটছ টাইমছ সূচকাংক ০.৩৪ শতাংশ বৃদ্ধিৰে ৪,১৪৬.১৩ পইণ্টত উপনীত হৈছে। আজি SET Composite Index য়ে তীব্ৰ জঁপিয়াই পৰিছে। বৰ্তমান এই সূচকাংক ২.৫২ শতাংশ জপিয়াই ১১৮৬.৮৬ পইণ্টত উপনীত হৈছে।
একেদৰে জাকাৰ্টা কম্পোজিট সূচকাংক ৯০.৬৭ পইণ্ট অৰ্থাৎ ১.২৬ শতাংশ বৃদ্ধিৰে ৭,২৮২.৬৯ পইণ্টত ব্যৱসায় কৰি আছে। ইয়াৰ উপৰিও টাইৱান ওজনযুক্ত সূচকাংক ০.০৯ শতাংশ বৃদ্ধিৰে ২৩,০৬৩.৬৮ পইণ্টৰ স্তৰত আৰু চাংহাই কম্পোজিট সূচকাংক ৩,৫০৬.৯৪ পইণ্টৰ স্তৰত ০.০৯ শতাংশ সামান্য বৃদ্ধিৰে ব্যৱসায় কৰি আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
