– ডিজেল আৰু এটিএফৰ ৰপ্তানিৰ ওপৰত প্ৰযোজ্য অতিৰিক্ত শুল্ক শূণ্য
নতুন দিল্লী, ০২ জানুৱাৰী (হি.স.)। দেশত উৎপাদিত খাৰুৱা তেলৰ উইণ্ডফল টেক্স প্ৰতি টনত ১০০০ টকা বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে। ডিজেল আৰু বিমান টাৰ্বাইন ইন্ধন (এ টি এফ) ৰপ্তানিৰ ওপৰত অতিৰিক্ত শুল্ক শূন্যলৈ হ্ৰাস কৰা হৈছে। মঙলবাৰৰ পৰা (আজি) কাৰ্যকৰী হৈছে এই নতুন হাৰ।
চৰকাৰে জাৰি কৰা অধিসূচনা অনুসৰি দেশত উৎপাদিত খাৰুৱা তেলৰ ওপৰত বর্তমান উইণ্ডফল কৰ প্রতি টন ১৩০০ টকাৰ পৰা ২৩০০ টকালৈ বৃদ্ধি পাইছে ৷ ডিজেল ৰপ্তানিৰ ওপৰত প্ৰতি লিটাৰত ০.৫০ টকাৰ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক বাতিল কৰা হৈছে। এটিএফৰ ৰপ্তানিৰ ওপৰত অতিৰিক্ত শুল্ক শূন্যলৈ হ্ৰাস কৰা হৈছে, আনহাতে পেট্ৰ’লৰ ওপৰত কৰ ইতিমধ্যে শূন্য কৰা হৈছে।
ইয়াৰ পূৰ্বে চৰকাৰে ২০২৩ চনৰ ১৮ ডিছেম্বৰত ঘৰুৱাভাৱে উৎপাদিত খাৰুৱা তেলৰ ওপৰত প্ৰযোজ্য উইণ্ডফল টেক্স প্ৰতি টনত ৫০০০ টকাৰ পৰা ১৩০০ টকালৈ হ্ৰাস কৰিছিল। ইয়াৰ উপৰিও ডিজেল ৰপ্তানিৰ ওপৰত এছএইডি প্ৰতি লিটাৰত ১ টকাৰ পৰা প্ৰতি লিটাৰত ৫০ পইচালৈ হ্ৰাস কৰা হয়। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে চৰকাৰে ঘৰুৱা খাৰুৱা তেলৰ ওপৰত উইণ্ডফল টেক্স আৰোপ কৰিছিল ২০২২ চনৰ ১ জুলাইত।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ/মনোজ/অৰবিন্দ
