টেল আভিভ, ১৭ জুলাই (হি.স.)। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে বুধবাৰে এক বৃহৎ ৰাজনৈতিক বিপৰ্যয়ৰ সন্মুখীন হয়, যেতিয়া তেওঁৰ মূল মিত্ৰজোঁটৰ অংশীদাৰ ‘শ্বাছ’ দলে চৰকাৰৰ পৰা পৃথক হোৱাৰ কথা ঘোষণা কৰে। এই পদক্ষেপৰ পিছত নেতানিয়াহুৰ চৰকাৰ সংসদত সংখ্যালঘুলৈ আহিছে, সেইটোও এনে এটা সময়ত যেতিয়া দেশখনে ইতিমধ্যে বহু গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।
ইজৰাইলৰ ৰাজনীতিত দীৰ্ঘদিন ধৰি “কিংমেকাৰ”ৰ ভূমিকা পালন কৰি অহা শ্বাছ দলে চৰকাৰে অতি গতানুগতিক ইহুদী সম্প্ৰদায়ক সামৰিক সেৱাৰ পৰা ৰেহাই দিয়া আইনখন কাৰ্যকৰী নকৰাত অসন্তুষ্টি প্ৰকাশ কৰি পদত্যাগ কৰাৰ সিদ্ধান্ত লয়।
পাৰ্টিৰ মন্ত্ৰী মাইকেল মালকিয়েলিয়ে কয় যে বৰ্তমানৰ পৰিস্থিতিত চৰকাৰত থকা আৰু চৰকাৰৰ অংশ হোৱাটো অসম্ভৱ।
অৱশ্যে শ্বাছে এইটোও স্পষ্ট কৰি দিছে যে ইয়াৰ দ্বাৰা নেতানিয়াহুৰ চৰকাৰখনক বাহিৰৰ পৰা অস্থিৰ নকৰে আৰু কিছুমান বিধেয়কত ইয়াক সমৰ্থন কৰি যাব পাৰে, যাৰ ফলত নেতানিয়াহুৱে সাময়িক সকাহ পাব পাৰে। পদত্যাগ কাৰ্যকৰী হোৱাৰ পিছত এতিয়া নেতানিয়াহুৰ মিত্ৰজোঁটৰ চৰকাৰৰ হাতত মাত্ৰ ৫০খন আসন থাকিব, আনহাতে ইজৰাইলৰ সংসদ (নেছেট)ত মুঠ ১২০খন আসন আছে।
ইয়াৰ পূৰ্বে মঙলবাৰে আন এটা অতি গতানুগতিক দল (আল্টা অৰ্থোদক্স পাৰ্টি) ইউনাইটেড টোৰা জুডাইজিম (ইউটিজে) ও মিত্ৰজোঁট এৰি থৈ যায়। সামৰিক নিযুক্তি ৰেহাইৰ সৈতে জড়িত বিবাদক লৈ দুয়োপক্ষই ক্ষুব্ধ হৈ পৰিছিল।
শ্বাছ দলৰ পদত্যাগ কাৰ্যকৰী হ’বলৈ ৪৮ ঘণ্টা সময় লাগিব, যাৰ ফলত নেতানিয়াহুৱে নিজৰ মিত্ৰজোঁট পুনৰ প্ৰতিষ্ঠা কৰিবলৈ সময় পাব। ইয়াৰ উপৰিও সংসদত এতিয়া গ্ৰীষ্মকালীন অৱসৰ চলি আছে, যাৰ বাবে অহা কেইমাহমানৰ বাবে কোনো গুৰুত্বপূৰ্ণ বিধায়নী কাৰ্যকলাপ নহ’ব। ইয়াৰ ফলত নেতানিয়াহুৱে আঁতৰি যোৱা দলসমূহক বুজাবলৈও সুযোগ পাব পাৰে।
আচলতে ইজৰাইলৰ বেছিভাগ ইহুদী নাগৰিকৰ বাবে সামৰিক সেৱা বাধ্যতামূলক। কিন্তু অতি গতানুগতিক ইহুদী সম্প্ৰদায়ৰ পুৰুষসকলক দশক দশক আগতে বিশেষ ব্যৱস্থাৰ অধীনত ইয়াৰ পৰা ৰেহাই দিয়া হৈছিল, যাৰ ফলত আজি হাজাৰ হাজাৰ পুৰুষে ইয়াৰ পৰা ৰেহাই পাইছে। অতি গতানুগতিক সম্প্ৰদায়ে যুক্তি আগবঢ়ায় যে ধৰ্মীয় গ্ৰন্থ অধ্যয়ন কৰাটোও দেশৰ সেৱাৰ এক প্ৰকাৰ। একে সময়তে বেছিভাগ নাগৰিকে ইয়াক অন্যায় বুলি গণ্য কৰে, বিশেষকৈ যেতিয়া যুদ্ধৰ সময়ত সামৰিক প্ৰয়োজনীয়তা বৃদ্ধি পাইছে আৰু শ শ সৈনিকৰ মৃত্যু হৈছে।
—————
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
