
যোৰহাট, ১৭ জুলাই (হি.স.): যোৰহাট চেম্বাৰ ৰোডস্থিত নিকিতা জেনেৰেল ষ্টৰ নামৰ এখন ব্যৱসায় প্ৰতিষ্ঠানত । যোৱাকালি বুধবাৰে বিয়লি জব্দ কৰা হৈছে বহুতো ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী। এই অভিযান চলায় যোৰহাট খাদ্য সুৰক্ষা বিভাগে। দুজন যুৱকে সৰু লৰা-ছোৱালীয়ে খোৱা বাবে পানীয় সামগ্ৰী কিনিবলৈ গৈ তাত ৰখা কিছু সামগ্ৰীৰ ওপৰত এক্সপায়াৰ ডেট দেখা পায়। ঘটনাটো তৎক্ষণাত সংবাদ মাধ্যমৰ দৃষ্টিগোচৰ কৰায়, ঘটনাক লৈ উত্তেজনা সৃষ্টি হয়।
ইফালে, দোকানখনৰ মালিকে অভিযোগ কৰে যে উক্ত যুৱক দুজনে ধন দাবী কৰি ভয় দেখুৱাইছিল বুলি। ঘটনাৰ বুজ ল’বলৈ আৰক্ষীয়ে উপস্থিত হয়, আৰু খাদ্য সুৰক্ষা বিভাগক জনায়।খাদ্য সুৰক্ষা বিভাগৰ পৰিদৰ্শক দলটোৱে দোকানখনত তালাচী চলায় আৰু বহুতো ম্যাদ উকলি যোৱা সামগ্ৰী জব্দ কৰে। এই সামগ্ৰীবোৰ শিশু-কিশোৰসহ সাধাৰণ গ্ৰাহকে ব্যৱহাৰ কৰাৰ উপযোগী, আৰু স্বাস্থ্যৰ বাবে হানিকাৰক হোৱাৰ সম্ভাৱনা প্ৰবল। খাদ্য পৰিদৰ্শক গৰাকীয়ে কয় প্ৰয়োজনীয় আইনী পদক্ষেপ গ্ৰহণ কৰা হ’ব। যিহেতু ইয়াত বহু এক্সপায়াৰ সামগ্ৰী পোৱা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
