নতুন দিল্লী, ১৭ ছেপ্টেম্বৰ (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত আজি বৃদ্ধি পাইছে সোণৰ মূল্য। সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৬১০ টকাৰ পৰা ৬৬০ টকালৈ বৃদ্ধি পাইছে। আনহাতে ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ২০০০ টকা সস্তা হৈছে। সোণৰ মূল্যবৃদ্ধিৰ বাবে সমগ্ৰ দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেটৰ সোণৰ মূল্য ১,১১,৭১০ টকাৰ পৰা ১,১১,৮৬০ টকাৰ ভিতৰত প্ৰতি ১০ গ্ৰামত ব্যৱসায় কৰা হৈছে। আনহাতে, ২২ কেৰেটৰ সোণ আজি প্ৰতি ১০ গ্ৰামত ১,০২,৪০০ টকাৰ পৰা ১,০২,৫৫০ টকাৰ ভিতৰত বিক্ৰী হৈছে। ৰূপৰ মূল্য হ্ৰাস পোৱাৰ বাবে এই চিকচিকিয়া ধাতু আজি দিল্লীৰ বুলিয়নৰ বজাৰত প্ৰতি কিলোগ্ৰামত ১,৩২,০০০ টকাত বিক্ৰী হৈছে।
দিল্লীত ২৪ কেৰেটৰ সোণৰ মূল্য ১,১১,৮৬০ ₹ প্ৰতি ১০ গ্ৰাম, আনহাতে ২২ কেৰেটৰ সোণৰ মূল্য ১,০২,৫৫০ ₹ প্ৰতি ১০ গ্ৰাম। মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,১১,৭১০ ₹ আৰু ২২ কেৰেটৰ সোণ ১,০২,৪০০ ₹ প্ৰতি ১০ গ্ৰামত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য ১,১১,৭৬০ টকা প্ৰতি ১০ গ্ৰাম আৰু ২২ কেৰেট সোণৰ ১,০২,৪৫০ ₹ প্ৰতি ১০ গ্ৰাম। এই ডাঙৰ চহৰসমূহৰ উপৰিও চেন্নাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,১১,৭১০ টকা আৰু ২২ কেৰেটৰ সোণ ১০ গ্ৰামত ১,০২,৪০০ ₹ ত বিক্ৰী হৈছে। কলকাতাত ২৪ কেৰেটৰ সোণৰ মূল্য ১,১১,৭১০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেটৰ সোণৰ মূল্য ১,০২,৪০০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,১১,৮৬০ টকা আৰু ২২ কেৰেটৰ সোণ ১,০২,৫৫০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেটৰ সোণ ১,১১,৭৬০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেটৰ সোণ ১,০২,৪৫০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হৈছে। জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,১১,৮৬০ টকা আৰু ২২ কেৰেটৰ সোণ ১,০২,৫৫০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হৈছে।
দেশৰ আন ৰাজ্যৰ দৰে কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ বুলিয়ন বজাৰতো সোণৰ দাম ব্যয়বহুল হৈ পৰিছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য ১,১১,৭১০ টকা প্ৰতি ১০ গ্ৰামত। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণ ১০ গ্ৰামত ১,০২,৪০০ টকাত বিক্ৰী কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
