নতুন দিল্লী, ২৯ নৱেম্বৰ (হি.স.)। কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া বিবেক চতুৰ্বেদীক কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক ব’ৰ্ড (চিবিআইচি)ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। অহা ৩০ নৱেম্বৰত অৱসৰ ল’বলগীয়া সঞ্জয় কুমাৰ আগৰৱালাৰ ঠাইত তেওঁ অৱসৰ ল’ব।
কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে জাৰি কৰা এক নিৰ্দেশ অনুসৰি কেবিনেটৰ নিযুক্তি সমিতিয়ে বিবেক চতুৰ্বেদীক চিবিআইচিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিবলৈ অনুমোদন জনাইছে। বিবেক চতুৰ্বেদী ১৯৯০ চনৰ বেচৰ ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া (কাষ্টমছ এণ্ড ইনডাইৰেক্ট টেক্স) আৰু চেণ্ট্ৰেল ব’ৰ্ড অৱ ইনডাইৰেক্ট টেক্স এণ্ড কাষ্টমছ (চিবিআইচি)ৰ সদস্য।
চিবিআইচিৰ সদস্য হোৱাৰ পূৰ্বে চতুৰ্বেদী বিভাগটোৰ ভিজিলেন্সৰ প্ৰধান সঞ্চালক প্ৰধান আছিল। বৰ্তমান তেওঁ চিবিআইচি ব’ৰ্ডৰ (কৰ নীতি আৰু আইনী) সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। চলিত বৰ্ষৰ আগষ্ট মাহত বিবেক ৰঞ্জনে অৱসৰ লোৱাৰ পিছত তেওঁ ব’ৰ্ডত যোগদান কৰে। ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (ডি আৰ আই)ত বিভিন্ন পদত অধিষ্ঠিত হৈ তদন্তমূলক কামৰ যথেষ্ট অভিজ্ঞতা আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
