-২০২৬-২৭ বিত্তীয় বৰ্ষত জিডিপি বৃদ্ধিৰ হাৰ ৭ শতাংশ হ’ব বুলি অনুমান
নতুন দিল্লী, ০৫ ডিছেম্বৰ (হি.স.)। গ্ল’বেল ৰেটিং এজেন্সী এছ এণ্ড পি গ্ল’বেল ৰেটিংছে জনোৱা মতে, ২০৩০ চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব। ৰেটিং এজেন্সীয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) বৃদ্ধিৰ হাৰ ৭ শতাংশ হ’ব বুলিও অনুমান কৰিছে।
মঙলবাৰে প্ৰকাশ পোৱা শেহতীয়া পূৰ্বানুমানত এছ এণ্ড পি গ্ল’বেল ৰেটিঙে কয় যে ভাৰতীয় অৰ্থনীতিৰ বৃদ্ধিৰ হাৰ চলিত বিত্তীয় বৰ্ষ ২০২৩-২৪ত ৬.৪ শতাংশত থাকিব আৰু পৰৱৰ্তী বিত্তীয় বৰ্ষ ২০২৪-২৫ত ৬.৯ শতাংশত উপনীত হ’ব। সংস্থাটোৱে জনোৱা মতে, ২০২৬-২৭ বিত্তীয় বৰ্ষত ৭ শতাংশত উপনীত হ’ব।
ইয়াৰ পূৰ্বে এছ এণ্ড পিয়ে ‘গ্ল’বেল ক্ৰেডিট আউটলুক ২০২৪’ত ২০২৪ চনৰ ৩১ মাৰ্চত সমাপ্ত হোৱা চলিত বিত্তীয় বৰ্ষ ২০২৩-২৪ত জিডিপি বৃদ্ধি ৬.৪ শতাংশ বুলি অনুমান কৰিছিল, আনহাতে পূৰ্বৰ ২০২২-২৩ বিত্তীয় বৰ্ষত ই ৭.২ শতাংশ আছিল।
ৰেটিং এজেন্সীয়ে কয় যে ২০২৬-২৭ বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ সাত শতাংশ হোৱাটো আমি দেখিবলৈ পাইছো। এছ এণ্ড পিয়ে কয় যে ২০৩০ চনৰ ভিতৰত ভাৰত তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব। সংস্থাটোৱে কয় যে অহা তিনি বছৰত ই আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি হ’ব বুলি আমি আশা কৰিছো।
উল্লেখযোগ্য যে ভাৰত বৰ্তমান আমেৰিকা, চীন, জাৰ্মানী আৰু জাপানৰ পিছতে বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ শংকৰ/মনোজ
