তিনিচুকীয়া, ১৬ অক্টোবৰ (হি.স.): আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কৰম সন্মিলন মাৰ্ঘেৰিটা টাউন হাইস্কুলত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়। ১৫ অক্টোবৰ নিশা অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচপে উপস্থিত থাকে আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগ, অতিথি হিচাপে উপস্থিত থাকে যুৱ সাংবাদিক মানস প্ৰতিম গগৈ, যুৱ ব্যৱসায়ী ৰূপম গগৈ, ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় কাৰ্য্যকৰি সভাপতি পাপু দত্ত, সম্পাদক ৰাহুল চেত্ৰী, সহ বহু কেইগৰাকীও গণ্যমান্য ব্যক্তি।
আছা তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক জাৰ্নেল মিঞ্জে আঁত ধৰা মুকলি সভাখনত মুখ্য অতিথি ভাষণত আছাৰ নেতা প্ৰদীপ নাগে আদিবাসী জনগোষ্ঠীটোৱে জন্মগত অধিকাৰ জনজাতিৰ মৰ্যদা (ST) চৰকাৰে সোনকালে প্ৰদান কৰাৰ দাবী জনোৱাৰ লগতে চাহ বাগান অঞ্চলত বসবাস কৰা আদিবাসী জনগোষ্ঠীটোৱে দীৰ্ঘদিনীয় বিভিন্ন সমস্যা সমাধান কৰিবলৈ ভাষণ প্ৰসংগত চৰকাৰক দাবী জনায়। অন্যহাতে অতিথিৰ ভাষণত যুৱ সাংবাদিক মানস প্ৰতিম গগৈয়ে কয় যে আদিবাসী জনগোষ্ঠীটোৰ শিক্ষাগত অৰ্হতা বৃদ্ধি কৰিবৰ বাবে আছাৰ নেতৃত্বই গুৰুদায়িত্ব বহন কৰি জাতিটো আৰ্থসামাজিক সমস্যাৰ লগতে বৃটিছৰ যোগৰ পৰা আজিও ভোগ কৰি অহা বিভিন্ন সমস্যা সমাধানৰ বাবে কেৱল শিক্ষাই জনগোষ্ঠীক পোহৰ দিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে। নিশালৈ কেইবাজনো সংগীত শিল্পীয়ে গীতৰ শৰাই আগবঢ়ায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
