
শিৱসাগৰ, ০৭ নৱেম্বৰ (হি.স.): শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱৰ এটা বিশেষ চৰিত্ৰ হ’ল নন্দ৷ শ্ৰী কৃষ্ণৰ লালন-পালন কৰা পিতৃ, যি যশোদাৰ স্বামী আছিল, তেওঁ শ্ৰী কৃষ্ণক কংসৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ গোপালক সকলৰ সৈতে তেওঁক গকুলত ৰাখিছিল তেওঁৱেই হ’ল নন্দ৷ শিৱসাগৰ ধিতাইপুখুৰীৰ বাকচুৰ সৰুবিল খেলপথাৰৰ বৃন্দাবন ক্ষেত্ৰত অহা ৮ নৱেম্বৰ পৰা ১৫ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া সদৌ অসম ভাওনা সমাৰোহ ২০২৫ আৰু শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱত অহা ১৫ নৱেম্বৰত “নন্দ”ৰ চৰিত্ৰ অভিনয় কৰিব ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইয়ে৷
উল্লেখ্য যে বিভিন্ন মঞ্চত সাংস্কৃতিক অনুষ্ঠানত বাদ্যযন্ত্ৰী ৰূপত ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইক দেখিবলৈ পোৱা যায় ৷ কিন্তু এইবাৰ কিছু ব্যতিক্ৰমী ৰূপত ডিমৌ সমষ্টিৰ বিধায়ক সাজু হৈছে শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱৰ বাবে৷শিৱসাগৰ ধিতাইপুখুৰীৰ বাকচুৰ সৰুবিল খেলপথাৰৰ বৃন্দাবন ক্ষেত্ৰত এতিয়া পূৰ্ণগতিত চলিছে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ আখৰা৷ ৰাসলীলা মহোৎসৱৰ বিভিন্ন চৰিত্ৰৰ আখৰাৰ সমান্তৰালভাৱে নন্দৰ চৰিত্ৰৰ আখৰাত ব্যস্ত হৈ পৰিছে ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
