–পূজাৰ ব্যাপক প্ৰস্তুতিৰ মাজতে হোজাই প্ৰশাসনে লামডিং লৈ জাৰি কৰা এছওপিৰ নিৰ্ধাৰিত সময় সাল-সলনি
হোজাই, ২১ অক্টোবৰ । সমগ্ৰ ৰাজ্যৰ লগতে বৰ্তমান ৰে’ল চহৰ লামডিঙতো শাৰদীয় দুৰ্গোৎসৱৰ আনন্দময় পৰিৱেশে বিৰাজ কৰিছে ৷ ষষ্ঠিৰ দিনা লামডিঙৰ প্ৰতিখন পূজা মণ্ডৱতে দেৱীৰ আৰাধনাৰে মুখৰিত হৈ পৰিছে ৷ লামডিং বজাৰৰ ঠাকুৰবাড়ী ৰোডৰ চন্দ্ৰযান-৩ৰ আৰ্হিত পূজা মণ্ডপটিৰ শুভাৰম্ভণি কৰে লামডিং বিজেপিৰ মণ্ডলৰ সম্পাদক অনিমেষ মিশ্ৰই ৷ ভাৰতৰ তথা ইছৰোৰ বৈজ্ঞানিকসকলৰ যি সফলতা, চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান ৩ৰ লেণ্ডাৰ বিক্ৰমৰ সক্ষল অৱতাৰণ সেই সকলো দিশ সামৰি লামডিঙত প্ৰস্তত কৰি তোলা হৈছে এই দুৰ্গা পূজাৰ মণ্ডপ ৷
ইফালে পূজা বতৰত হোজাই জিলাৰ প্ৰশাসনে জাৰী কৰিছিল এখনি এছওপি (SOP) । কিন্তু প্ৰশাসনৰ এই এছওপিক লৈ অসন্তুষ্টি প্ৰকাশ কৰে লামডিং বাসীয়ে। এছওপিৰ সময় সীমাক লৈ মন্তব্য প্ৰকাশ কৰে বিজেপী মণ্ডল সম্পাদক অনিমেষ মিশ্ৰই । পূৰ্বে দিনৰ ২ বজালৈকে যান বাহন চলাচল কৰাৰ যি সিদ্ধান্ত নিৰ্ধাৰিত কৰিছিল জিলা প্ৰশাসনে সেই সিদ্ধান্ত কিছু পৰিমাণে সলনি কৰা হৈছে বুলি প্ৰকাশ কৰে । লামডিং ৰাইজৰ তথা চাকৰিয়াল কৰ্মচাৰীসকলৰ সুবিধাৰ্থে দিনৰ ২ বজাৰ পৰিবৰ্তে বিয়লি ৪ বজালৈকে যান বাহন চলাচল কৰিব পাৰিব বুলি নতুন কৈ সিদ্ধান্ত লোৱা হয় বুলি জনায় ।
আনফালে মহাষ্টমী দিনটো লামডিং বাবে অতিকৈ গুৰুত্বপূৰ্ণ দিন হ’ব বুলি মন্তব্য প্ৰকাশ কৰে। কিয়নো মহাষ্টমীত লামডিং লৈ আহিব সহধৰ্মীৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে লামডিঙৰ তিনিখনকৈ পূজা মণ্ডপত কৰিবহি পূজা অৰ্চনা ।
