চৰাইদেউ, ০২ ছেপ্টেম্বৰ (হি.স.)। সোণাৰিত কমনৱেলথ ভাৰোত্তোলনত স্বৰ্ণজয়ী ভাৱনা গগৈ আৰু হেমন্ত দৈমাৰীক আদৰণি। আহমেদাবাদত অনুষ্ঠিত কমনৱেলথ ভাৰোত্তোলনত সোণৰ পদক অৰ্জন কৰাৰ পাছত আজি জন্মভূমি সোণাৰিত উপস্থিত ভাৱনা গগৈ আৰু হেমন্ত দৈমাৰী। অৱধ আছাম এক্সপ্ৰেছযোগে ঘৰলৈ অহা দুয়োগৰাকী ভাৰোত্তোলকক ভজো ৰেল ষ্টেচনত ঢোলে-দগৰে আদৰণি জনালে শুভাকাংক্ষীয়ে।
উল্লেখ্য যে, কমনৱেলথ ভাৰোত্তোলনত অংশগ্ৰহণ কৰা চৰাইদেউৰ অভিনৱ গগৈ, ধৰ্মজ্যোতি দেউঘৰীয়া, ভাৱনা গগৈ আৰু হেমন্ত দৈমাৰীয়ে লাভ কৰিছিল সোণৰ পদক।
অভিনৱ গগৈয়ে ইউথৰ ৭১ কেজি শাখাত মুঠ ২৭৮ কেজি (১২৩ আৰু ১৫৫) আৰু হেমন্ত দৈমাৰীয়ে জুনিয়ৰৰ ৭১ কেজি শাখাত মুঠ ২৬৪কেজি (১১৮ আৰু ১৪৬) উত্তোলনেৰে লাভ কৰিলে সোণৰ পদক।
আনহাতে ভাৱনা গগৈয়ে ৫৮ কেজি শাখাত মুঠ ১৬২ কেজি (৬৯ আৰু ৯৩) উত্তোলন কৰাৰ বিপৰীতে ধৰ্মজ্যোতি দেউঘৰীয়াই ৫৬ কেজি শাখাত মুঠ ২২৪ কেজি উত্তোলনেৰে ( স্নেচ ৯৭ আৰু ক্লিন এণ্ড জাৰ্কত ১২৭ কেজি ) সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
