গোলাঘাট, ২৩ জানুৱাৰী (হি.স.)। ভাগ্যৰ চকৰিয়ে হঠাৎ সলনি কৰিলে এগৰাকী দৰিদ্ৰ লোকক ৷ এশ টকাত লাভ কৰিলে কেইবা লাখ টকীয়া এখন বিলাসী গাড়ী ৷ বিলাসী গাড়ী লাভ কৰি এতিয়া আনন্দত আত্মহাৰা গোলাঘাটৰ বুবুল আলি ৷ এশ টকাত এখন বিলাসী গাড়ী লাভ কৰি হঠাৎ ভাগ্যৰ দুৱাৰ মুকলি হ’ল গোলাঘাটৰ এজন দৰিদ্ৰ লোকৰ ৷
পেছাত এগৰাকী ৰং মিস্ত্ৰী হিচাপে কাম কৰা গোলাঘাটৰ বেঙেনাখোৱাৰ নিবাসী বুবুল আলিয়ে লাভ কৰিলে এখন বিলাসী এমজি হেক্টৰ গাড়ী ৷ অত্যাধুনিক বিলাসী গাড়ী খন লাভ কৰি আনন্দত আত্মহাৰা বুবুল আলিৰ লগতে পৰিয়াল। সদায় চাইকেল চলাই ৰংৰ কাম কৰি কথমপি পৰিয়ালটো পোহপাল দিয়া বুবুল আলিৰ ভাগ্য যেন নিশাটোৰ ভিতৰতে সলনি হল। এটা ভঙা পজা ঘৰৰ সন্মুখত ২৫ লাখ টকাৰ বিলাসী গাড়ী দেখি গম পাব যে সেইখন ৰং মিস্ত্ৰী জনৰ হয় তেতিয়া সেই আনন্দ কেনেকুৱা হব বুবুল আলি হে অনুভৱ কৰিছে।
প্ৰকৃত ঘটনাটো হ’ল ২১ জানুৱাৰী তাৰিখে গোলাঘাটৰ কমাৰবন্ধাৰ মৈদামনি নামঘৰৰ সাহাৰ্য্যথে আয়োজন কৰা লটাৰী খেলৰ প্ৰথম পুৰস্কাৰ আছিল এখন এমজি হেক্টৰ গাড়ী ৷ ১০০ টকাৰ লটাৰীৰ টিকত ক্ৰয় কৰি কেইবালাখ টকীয়া এখন বিলাসী গাড়ী লাভ কৰা বুবুল আলিৰ বাসগৃহত বৰ্তমান ভিৰ কৰিছেহি বহু লোকে ৷ ভৱিষ্যতে এখন গাড়ী কিনাৰ সপোন দেখা বুবুলে ভাগ্য পৰীক্ষাৰ জৰিয়তে লাভ কৰি যথেষ্ট উৎফুল্লিত হোৱা দেখা গৈছে ৷ মুঠতে এশ টকাতে নিজৰ ভাগ্যৰ বলত বিলাসী গাড়ী লাভ কৰা লোকজনৰ বাসগৃহত এতিয়া ভিৰ কৰিছেহি বহু লোকে ৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/আলোক.
