গুৱাহাটী, ১৭ জুলাই (হি.স.)। অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই কয়, বিষ নোহোৱা সাপৰ ফোঁচফোঁচনি বেছি। আনহাতে, খালী জাহাজে আটাইতকৈ বেছি শব্দ কৰে আৰু অৰ্থহীন মানুহেও বেছি কথা কয়! অসম চৰকাৰৰ জলসম্পদ আৰু অন্যান্য বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি ছ’চিয়েল মিডিয়া ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ এইদৰে কটাক্ষ কৰে ।
মন্ত্ৰী হাজৰিকাই কয় যে শ্ৰী ৰাহুল গান্ধী ডাঙৰীয়া, আপুনি চাগৈ বুজিবই পৰা নাই যে ওকণিৰ ভয়ত চুলি খুৰাই দিয়া মানুহ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নহয়। অসমলৈ আহি, সভা অনুষ্ঠিত কৰি আগন্তুক নিৰ্বাচনত চৰকাৰ গঠন কৰি ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জে’ললৈ পঠিয়াম বুলি যে আপুনি কৈছে, ইয়াৰ বাবে অতি সাধাৰণ হিচাপ এটা আপোনাক জনাই দিওঁ যে— অসমত চৰকাৰ গঠন কৰিবলৈ বিধান সভা নিৰ্বাচনত ৬৪খন আসনত জয়ী হ’ব লাগিব। এয়া যে বৰ্তমান কংগ্ৰেছৰ বাবে অসম্ভৱ সেয়া ৰাজনীতিৰ সামান্যতম জ্ঞান থকা মানুহেও সম্পূৰ্ণ বুজি উঠিছে; সেয়া আপোনাৰ বোধগম্য নোহোৱাটো দুৰ্ভাগ্যজনক। কিয়নো কংগ্ৰেছ দলৰ ভোটবেংক কি, সেয়া সকলোৱে জানে। বৰ্তমান মূলত: সন্দেহজনক লোকৰ সংখ্যাগৰিষ্ঠতা থকা অসমৰ ২১-২২খন আসনতহে কংগ্ৰেছ দলৰ জিকাৰ আশা আছে!
হাজৰিকাই আৰু কয় যে সাগৰলৈ বহু দূৰ ৰাহুল গান্ধী ডাঙৰীয়া! আগন্তুক নিৰ্বাচনত জিকিম বুলি কংগ্ৰেছ দলে দিবাস্বপ্ন দেখি আছে। এই সপোনৰ ৰাগীত আপুনিও মতলীয়া হৈ উৰি আছে, কিন্তু যেতিয়াই ভ্ৰম ভাগিব, তেতিয়াই মাটিত পৰিবহি। আপোনাৰ চিন্তা কিমান অৰ্থহীন, এই কথা বুজিবলৈ যাতে সক্ষম হয়, তাৰ বাবে ভগৱানে আপোনাক সুমতি দিয়ক।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
