মুম্বাই, ৩০ আগষ্ট (হি.স.)। শনিবাৰে পুৱা মহাৰাষ্ট্ৰৰ বীদ জিলাৰ ধূলে-সোলাপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নমালগাঁও ফাটা উৰণীয়া সেতুৰ সমীপত তীব্ৰবেগী কণ্টেইনাৰত ছয়জন পথচাৰীক চেপি ধৰিলে। এই গোচৰত বিড গ্ৰাম্য আৰক্ষীৰ দলে কণ্টেইনাৰ চালকজনক গ্ৰেপ্তাৰ কৰি বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।
বীদৰ এই মৰ্মান্তিক পথ দুৰ্ঘটনাৰ তদন্ত কৰি থকা আৰক্ষী বিষয়াজনে জনোৱা মতে, আজি পুৱা ছয়জন লোক ধুলে-সোলাপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দেৱদৰ্শনৰ বাবে পেণ্ডগাঁওলৈ গৈ আছিল। তাৰ পাছতে নমালগাঁও ফাটা ফ্লাই অভাৰৰ সমীপত পিছফালৰ পৰা আহি থকা এটা বেগী কণ্টেইনাৰে আটাইকেইটাকে থেতেলিয়াই পেলায় আৰু কণ্টেইনাৰ চালকজনে কণ্টেইনাৰটো লৈ পলায়ন কৰে। এই ঘটনাত চাৰিজন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আহত দুজনক ততাতৈয়াকৈ বিড জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসাৰ সময়ত দুয়োজনৰো মৃত্যু হয়।
এই ঘটনাত নিহত হোৱা লোক কেইজন হৈছে বিশাল শ্ৰীকিষণ কাকাডে, আমোল নামদেৱ গাৰ্জে, আকাশ কলছে, পৱন জগতাপ, কিশোৰ টৰ আৰু আন এজন। এই ঘটনাৰ তথ্য পোৱাৰ লগে লগে বীড গ্ৰাম্য আৰক্ষীয়ে কণ্টেইনাৰ চালকজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
