নতুন দিল্লী, ১০ নৱেম্বৰ (হি.স.)। ৰেড ফ’ৰ্ট মেট্ৰ’ ষ্টেচনৰ সমীপত এখন গাড়ীত সংঘটিত হোৱা বিস্ফোৰণৰ ফলত দিল্লীত হাই এলাৰ্ট জাৰি কৰা হৈছে। সমগ্ৰ দেশৰ কেইবাখনো ৰাজ্যত জাৰি কৰা হৈছে এই সতৰ্কবাণী। দিল্লীত নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে।
দিল্লী আৰক্ষীৰ বিশেষ কোষ, এন আই এ, এন এছ জি, আৰু ফৰেনছিক দলে তদন্ত চলাই আছে। আৰক্ষীৰ মতে, ৰেড ফ’ৰ্ট মেট্ৰ’ ষ্টেচনৰ সমীপত এখন চলন্ত গাড়ীত এক শক্তিশালী বিস্ফোৰণ সংঘটিত হয়, যাৰ ফলত গাড়ীখন টুকুৰা টুকুৰ হৈ উৰুৱাই দিয়ে। বিস্ফোৰণত এজন যাত্ৰীৰ থিতাতে মৰ্মান্তিক মৃত্যু হোৱাৰ বিপৰীতে কেইবাজনো পথচাৰী আহত হয়। এই ঘটনাত কমেও ৮ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি দিল্লী আৰক্ষী বিশেষ কোষৰ উপৰিও তদন্তকাৰী সংস্থাটোৱে ঘটনাস্থলীৰ আশে-পাশে থকা অঞ্চলৰ চিচিটিভি ফুটেজ পৰ্যালোচনা কৰি আছে। গাড়ীৰ বিস্ফোৰণৰ কাৰণ চিএনজি কিট নে বিস্ফোৰক দ্ৰব্যৰ বাবে তদন্ত অব্যাহত আছে।
দিল্লীত কেতিয়া কেতিয়া সংঘটিত হৈছিল বিস্ফোৰণ?
১৮ জুন, ২০০০: লালকিল্লাৰ ওচৰত দুটা বিস্ফোৰণ – দুটা নিহত, ডজন আহত।
২০০০ চনৰ ১৬ মাৰ্চত সদৰ বজাৰত বিস্ফোৰণ – আহত সাতজন।
২০০০ চনৰ ২৭ ফেব্ৰুৱাৰী : পাহাৰগঞ্জত বিস্ফোৰণ – আহত আঠজন।
১৪ এপ্ৰিল, ২০০৬: জামা মছজিদত দুটা বিস্ফোৰণ – ১৪ জন আহত।
২০০৫ চনৰ ২২ মে’: লিবাৰ্টি আৰু সত্যম চিনেমা হলত দুটা বিস্ফোৰণ – এজনৰ মৃত্যু, ৬০ জন আহত।
২০০৫ চনৰ ২৯ অক্টোবৰ : পাহাৰগঞ্জৰ সৰোজিনী নগৰ আৰু গোবিন্দপুৰীত দুটা বিস্ফোৰণ – প্ৰায় ৫৯-৬২ জন লোকৰ মৃত্যু, ১০০ জনতকৈ অধিক লোক আহত।
১৩ ছেপ্টেম্বৰ, ২০০৮: কেৰল বাগ (গাফ্ফাৰ মাৰ্কেট), কনট প্লেচ, আৰু গ্ৰেটাৰ কৈলাছ-আইত পাঁচটা বিস্ফোৰণ – ২০-৩০ জন লোকৰ মৃত্যু, ৯০ জনতকৈ অধিক আহত।
২০০৮ চনৰ ২৭ ছেপ্টেম্বৰ : মেহৰাউলীৰ ফুলৰ বজাৰ (ছৰাই)ত বিস্ফোৰণ – ৩ জন নিহত, ২৩ জন আহত।
২৫ মে’, ২০১১: দিল্লী উচ্চ ন্যায়ালয়ৰ পাৰ্কিং লটত বিস্ফোৰণ – কোনো লোকৰ মৃত্যু হোৱা নাই।
এইবোৰ বিস্ফোৰণে এসময়ত ৰাজধানী দিল্লীক কঁপাই তুলিছিল। কেইবাজনো লোক নিহত হোৱাৰ লগতে বহু লোক আহত হয়। আজিৰ এই বিস্ফোৰণে পুনৰ দিল্লীৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। আচৰিত কথাটো হ’ল যে এই বিস্ফোৰণটো লালকিল্লাৰ পৰা মাত্ৰ ৫০০ মিটাৰ দূৰত্বত সংঘটিত হৈছিল, যিটো স্থান প্ৰায়ে কাৰ্যকলাপৰ দ্বাৰা ব্যস্ত।
हिन्दुस्थान समाचार / অৰৱিন্দ
