• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > পাকিস্তানৰ পঞ্জাৱত নদীসমূহৰ বিধ্বংসী ৰূপ ধাৰণ, কাছুৰ চহৰক ডুব যোৱাৰ পৰা ৰক্ষা কৰিবলৈ ভাঙিলে ছটলেজ উপকূলৰ এটা অংশ
International

পাকিস্তানৰ পঞ্জাৱত নদীসমূহৰ বিধ্বংসী ৰূপ ধাৰণ, কাছুৰ চহৰক ডুব যোৱাৰ পৰা ৰক্ষা কৰিবলৈ ভাঙিলে ছটলেজ উপকূলৰ এটা অংশ

CliQ INDIA
Last updated: August 31, 2025 4:35 am
CliQ INDIA
Share
2 Min Read
SHARE

ইছলামাবাদ, ৩০ আগষ্ট (হি.স.)। পঞ্চাশৰ দশকৰ পিছত প্ৰথমবাৰৰ বাবে পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ ছতলেজ নদীত ‘উচ্চ লহৰ’ দেখা গৈছে, যাৰ ফলত নিস্তব্ধতা ভংগ হৈছে। দুৰ্যোগ হিচাপে অহা বাৰিষাই বিধ্বংসী ৰূপ ধাৰণ কৰিছে। সকলো ডাঙৰ ডাঙৰ নদী ভয়াৱহ হৈ উঠিছে। প্ৰদেশখনৰ ৮খন জিলা বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। কাছুৰ চহৰখনক উটি যোৱাৰ পৰা ৰক্ষা কৰিবলৈ শুকুৰবাৰে ছতলেজ নদীৰ পাৰৰ এটা অংশ উৰুৱাই দিবলগীয়া হৈছিল কৰ্তৃপক্ষই। এই পৰ্যন্ত কমেও ২৮ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে অধিকাংশই গুজৰাণৱালা সংমণ্ডলৰ।

এই তথ্য প্ৰভিন্সিয়েল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি (পিডিএমএ)ৰ উদ্ধৃতি দি দ্য এক্সপ্ৰেছ ট্ৰিবিউন কাকতৰ বাতৰিত দিয়া হৈছে। পিডিএমএই নিশ্চিত কৰিছে যে ৰবি আৰু চেনাৱৰ ওপৰৰ অঞ্চলৰ জলপৃষ্ঠ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে যদিও তললৈ পানীৰ সোঁত দ্ৰুতগতিত বৃদ্ধি পাইছে। ইফালে ছুটলেজ নদীখনে ১৯৫৫ চনৰ পিছত সৰ্বোচ্চ স্তৰত উপনীত হৈছে। ইয়াৰ বাবে কৰ্তৃপক্ষই কাছুৰ চহৰখনক ডুব যোৱাৰ পৰা ৰক্ষা কৰিবলৈ আৰ আৰ এ-১ৰ মথাউৰি ভাঙিবলৈ সিদ্ধান্ত ল’বলগীয়া হৈছিল।

পিডিএমএৰ এগৰাকী বিষয়াই কয় যে, চুটলেজৰ পানী কাছুৰৰ ফালে আগবাঢ়িছিল। আমি কাছুৰক বচাবলৈ ৰহিমিয়াৰৰ মথাউৰি ভাঙিবলগীয়া হৈছিল। ওকৰা আৰু সাহিৱালৰ ওপৰত বিপদৰ সৃষ্টি হোৱাৰ সতৰ্কবাণীও পিডিএমএই দিয়ে। কৰ্তৃপক্ষই জনোৱা মতে, ৰবি নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত ৩৬ ঘণ্টাৰ ভিতৰতে সদনী ডুব যাব পাৰে। বাল্লোকীত ৰৱিৰ জলপৃষ্ঠ বৃদ্ধিয়ে মথাউৰিটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে।

বিষয়াসকলে জনোৱা মতে, শুকুৰবাৰে বানপানীৰ পানীয়ে লাহোৰ চহৰৰ উপকণ্ঠ অঞ্চলত উপস্থিত হয়। ইয়াৰ ফলত পঞ্জাৱৰ এখন ডাঙৰ চহৰ ঝাং ডুব যোৱাৰ ভাবুকি আহিছিল। ইফালে পাকিস্তানৰ বতৰ বিজ্ঞান বিভাগে আজি সন্ধিয়ালৈকে প্ৰচণ্ড বৰষুণ, প্ৰচণ্ড বতাহ আৰু ধুমুহাৰ আগজাননী দিছে। পিএমডিৰ তথ্য অনুসৰি পঞ্জাৱ, খাইবাৰ পাখতুনখোৱা, প’কে, ইছলামবাদ আৰু পোটোহাৰ অঞ্চলত ভূমিস্খলনৰ সম্ভাৱনা আছে। উত্তৰ-পূব বেলুচিস্তান, দক্ষিণ-পূব সিন্ধ আৰু গিলগিট-বাল্টিস্তানতো প্ৰচণ্ড বৰষুণ হ’ব পাৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ইৰাণৰ আক্ৰমণৰ তীব্ৰ বিৰোধিতা ছৌদি আৰবৰ, কাটাৰৰ প্ৰতি সমৰ্থন
পতঞ্জলি ভূমি কেলেংকাৰীত প্ৰাক্তন প্ৰধানমন্ত্ৰী মাধৱ নেপালৰ জামিন লাভ,‌। , অনুমতি অবিহনে বিদেশলৈ যোৱাত নিষেধাজ্ঞা আৰোপ
কেলিফৰ্ণিয়াৰ বিধানসভাত দীপাৱলীক ৰাজহুৱা বন্ধ হিচাপে অনুমোদন জনোৱাৰ বিধেয়ক গৃহীত
আমেৰিকাৰ প্ৰাক্তন কংগ্ৰেছী চাৰ্লছ ৰেংগেলৰ ৯৪ বছৰ বয়সত মৃত্যু | BulletsIn
ৰাছিয়াৰ কামচাটকাত ৭.৪ প্ৰাবল্যৰ ভূমিকম্প, ছুনামীৰ সতৰ্কবাণী জাৰি

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article প্ৰথম দিনৰ উপাৰ্জনৰ তথ্য প্ৰকাশ পাইছে ‘পৰম সুন্দৰী’ ছবিখনৰ
Next Article মহাৰাষ্ট্ৰৰ বীডত তীব্ৰবেগী কণ্টেইনাৰত খুন্দাত মৃত্য়ু হয় ৬ জন পথচাৰীৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?