নগাঁও, ২৬ আগষ্ট (হি.স.)। নগাঁও জিলাৰ কলিয়াবৰৰ সৰুভগীয়াত এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰা হৈছে । মাজনিশা ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ হয় অচিনাক্ত মৃতদেহটো।
জখলাবন্ধা আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱকৰ মৃতদেহটো। মৃত লোকজনৰ বয়স আনুমানিক ১৯/২০ বছৰ হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। নিশা কোনো ট্ৰাকৰ পৰা লোকজনক পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে। আৰক্ষীয়ে মৃতদেহটো এম্বুলেঞ্চৰ জৰিয়তে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
