গুৱাহাটী, ১৩ নৱেম্বৰ (হি স)। বিদ্যা ভাৰতীৰ যোজনা অনুসৰি সমগ্ৰ দেশতে অনুষ্ঠিত হৈ থকা মাতৃ শক্তি জাগৰণৰ প্ৰচেষ্টা স্বৰূপ সপ্তশক্তি সংগম শীৰ্ষক কাৰ্যসূচী ১২ নৱেম্বৰ ২০২৫ তাৰিখে শংকৰদেৱ শিশু নিকেতন মালিগাঁৱত সুকলমে অনুষ্ঠিত হৈ যায়। মুঠ ১৩০ গৰাকী মাতৃৰ উপস্থিতিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ এই অনুষ্ঠানত সভানেত্ৰীৰ আসন অলংকৃত কৰে প্ৰান্ত সংস্কাৰ কেন্দ্ৰ প্ৰমুখ পূৰ্ণকালীন কাৰ্যকৰ্তা তনুজা কলিতাই। উক্ত কাৰ্যক্ৰমত বিদ্যা ভাৰতী অখিল ভাৰতীয় মন্ত্ৰী ডাঃ মধুশ্ৰী সঞ্জীৱ সাৱ, ৰাষ্ট্ৰ সেৱিকা সমিতি উত্তৰ অসম প্ৰান্তৰ প্ৰান্ত প্ৰচাৰিকা নিতা দেৱী, ক্ষেত্ৰীয় বালিকা শিক্ষাৰ সহ সংযোজিকা কল্যাণী ঠাকুৰীয়া, পূৰ্বোত্তৰ ক্ষেত্ৰৰ সপ্ত শক্তি সংগমৰ সংযোজিকা ড০ মিলন ৰাণী জামাতিয়া, মাতৃ ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংযোজিকা অনিমা শৰ্মা উপস্থিত থাকে।
প্ৰধান আচাৰ্যা দীপা চেত্ৰীয়ে সঞ্চালন কৰা এই কাৰ্যসূচীত প্ৰস্তাৱিক ভাষণ আগবঢ়ায় কল্যাণী ঠাকুৰীয়াই। প্ৰচাৰ প্ৰমুখ মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে “পৰিয়াল প্ৰবোধন আৰু পৰিবেশ সম্বন্ধত ভাৰতীয় দৃষ্টিভংগী বিষয়ত ভাষণ প্ৰদান কৰে বিদ্যা ভাৰতী অখিল ভাৰতীয় মন্ত্ৰী ডাঃ মধুশ্ৰী সঞ্জীৱ সাৱে। তেখেতে পৰিয়ালত তথা সন্তানৰ প্ৰতি এগৰাকী মাতৃৰ ব্যৱহাৰ, তাৰ প্ৰভাৱ কেনে হোৱা উচিত এই বিষয়ে মাতৃসকলক মাৰ্গদৰ্শন কৰে।
নিতা দেৱীৱে “ভাৰতবৰ্ষৰ বিকাশত মহিলাৰ অৱদান বিষয়ত ভাষণ প্ৰদান কৰে। তেখেতে প্ৰাচীন কালত নাৰীসকলৰ অৱদান তথা দেশ এখন উন্নতিৰ দিশত আগবাঢ়িব লাগিলে তাত মহিলা সকলৰ অৱদান যে উল্লেখযোগ্য, এই বিষয়ে বক্তব্য দাঙি ধৰে। ইয়াৰ পিছতে সমাজ আৰু দেশৰ মংগলৰ হকে নিজৰ অৱদান আগবঢ়োৱা দুগৰাকী মাতৃ শ্ৰদ্ধাৰ জুবলী পোদ্দাৰ বৈশ্য আৰু পুৰৱী তালুকদাৰক সন্মানিত কৰা হয়। শেষত সংকল্প পাঠেৰে এই কাৰ্যসূচীৰ সামৰণি পৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
