
যোৰহাট, ২৫ ডিচেম্বৰ (হি.স.): যোৰহাট জিলাৰ মৰিয়নিৰ পুখুৰীয়াত যোৱা কালি বুধবাৰে নিশা সংঘটিত হয় এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত নিহত হয় এগৰাকী যুৱক ৷ নিহত যুৱক গৰাকী মৰিয়নি হিন্দুবাৰীৰ চেহজাদ আলী বুলি পৰিচয় পোৱা গৈছে ৷
উল্লেখ্য় যে ২২ দিন পূৰ্ৱে নিহত যুৱকজন এগৰাকী পুত্ৰ সন্তানৰ পিতৃ হৈছিল ৷ সদ্যজাত সন্তানৰ বাবে ঘৰত মাংগলিক কামকাজৰ বাবে কৰ্মৰ পৰা আহি থাকোতে দুৰ্ঘটনাত মৃত্যু হয় যুৱকজনৰ। নিশা পুখুৰীয়াত নিয়ন্ত্ৰণ হেৰুৱাই নিজৰ চাৰিচকীয়া বাহন দুৰ্ঘটনাত পতিত হয় ৷ ঘন কুঁৱলীৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা সন্দেহ কৰা হৈছে ৷ ঘটনাটোৱে অঞ্চলটোত শোকাকূল পৰিৱেশৰ সৃষ্টি কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
