পাটনা, ২৩ আগষ্ট (হি.স.)। ৰাজধানী পাটনাৰ শ্বাহজাহানপুৰ-ডানিয়াৱান-হিলছা ৰাজ্যিক ঘাইপথ–৪ৰ ছিগাৰিয়াৱা ষ্টেচনৰ সমীপত শনিবাৰে পুৱা ৬ বজাত এখন অট’ত অহা ০৮জন লোকৰ ট্ৰাক-অটো সংঘৰ্ষত মৃত্যু হয়।
আৰক্ষীয়ে জনোৱা মতে, নিহত লোকসকল নালন্দা জিলাৰ হিলছাৰ মালাৱা গাঁৱৰ বাসিন্দা আছিল। মৃতসকলৰ ভিতৰত ৫ গৰাকী মহিলাও আছে।
আহতসকলৰ অৱস্থা সংকটজনক হৈ আছে আৰু তেওঁলোকক পাটনা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সংঘৰ্ষ ইমানেই প্ৰবল আছিল যে অটোৰিক্সাখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়। পথত নিগৰি গ’ল ভুক্তভোগীৰ তেজ।
পাটনাৰ গ্ৰাম্য আৰক্ষী অধীক্ষক বিক্ৰম ছিহাগে পথ দুৰ্ঘটনাত ৮ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। আৰক্ষীৰ মতে, অটোখনত যাত্ৰা কৰা আটাইকেইজন লোক নালন্দা জিলাৰ হিলছা থানা এলেকাৰ মালোৱা গাঁৱৰ বাসিন্দা। তেওঁলোকে পাটনা জিলাৰ ফতুহা ত্ৰিবেণী ঘাটত গংগা স্নান কৰিবলৈ আহিছিল।
নিহত কেইজনৰ ভিতৰত আছে ৰাজেন্দ্ৰ প্ৰসাদৰ পত্নী সঞ্জু দেৱী (৬০), স্বামী ধনঞ্জয় পাছোৱান (৩৫), কুসুম দেৱী (৪৮) স্বামী চন্দ্ৰমৌলি পাণ্ডে, চন্দন কুমাৰ (৩০) চালক, কাঞ্চন পাণ্ডে (৩৪) পিতৃ পৰশুৰাম পাণ্ডে। ইয়াৰ লগতে শম্ভু ৰামৰ পত্নী আৰু বিকাশ ৰামৰ পত্নী বীৰেন্দ্ৰ ৰাউতৰ পত্নীও এই দুৰ্ঘটনাত মৃত্যুক সাৱটি লয়।
সংঘৰ্ষ ইমানেই ভয়াৱহ হৈ পৰিছিল যে অটোখন ছিন্নভিন্ন হোৱাৰ লগতে বহু মৃতদেহ পথত সিঁচৰতি হৈ পৰে। নিহতসকলৰ ভিতৰত ৮ জন লোকৰ থিতাতে মৃত্যু হয়।
দুৰ্ঘটনাৰ তথ্য পোৱাৰ লগে লগে পাটনাৰ শ্বাহজাহানপুৰ আৰক্ষী থানাই সেই স্থানত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আহতসকলক পিএমচিএইচ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
স্থানীয় ৰাইজে জনোৱা মতে, টেংক ল’ৰীখন তীব্ৰ বেগেৰে আহি থকা অৱস্থাত চালকজনে গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ পিছতে গাড়ীখনে পোনে পোনে অটোখনৰ সৈতে খুন্দা মাৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
