• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জন বোল্টনৰ বাসগৃহ আৰু কাৰ্যালয়ত এফ বি আইৰ অভিযান
International

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জন বোল্টনৰ বাসগৃহ আৰু কাৰ্যালয়ত এফ বি আইৰ অভিযান

CliQ INDIA
Last updated: August 23, 2025 6:16 pm
CliQ INDIA
Share
4 Min Read
SHARE
जॉन बोल्टन का कार्यालय वाशिंगटन डीसी में है। एफबीआई एजेंट 22 अगस्त को उनके कार्यालय के मुख्य द्वार की ओर बढ़ता हुआ।

ৱাশ্বিংটন (আমেৰিকা), ২৩ আগষ্ট (হি.স.)। দেশৰ প্ৰাক্তন ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জন বোল্টনৰ বাসগৃহ আৰু কাৰ্যালয়ত একেলগে অভিযান চলাইছে ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যনে। এফ বি আইৰ এজেণ্টে ঘণ্টাৰ পিছত ঘণ্টা ধৰি তেওঁৰ বাসগৃহ আৰু কাৰ্যালয়ত তালাচী চলায়। তালাচীৰ সময়ত উদ্ধাৰ হোৱা কিছু ফাইল আৰু অন্যান্য নথি-পত্ৰ এজেণ্টসকলে নিজৰ দখললৈ লৈ যায়। এজেণ্টসকলে লগত লৈ গ’ল নথি-পত্ৰ আৰু ফাইলৰ স্তূপ। প্ৰাক্তন এন এছ এ জন বোল্টনে প্ৰায়ে ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্পক তীব্ৰ সমালোচনা কৰি আহিছে।

এবিচি নিউজ চেনেলৰ বাতৰি অনুসৰি শুকুৰবাৰে পুৱা ফেডাৰেল এজেণ্টে ট্ৰাম্পৰ প্ৰাক্তন ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জন বোল্টনৰ মেৰিলেণ্ডৰ বাসগৃহ আৰু ৱাশ্বিংটন ডি চিৰ কাৰ্যালয়ত তালাচী চলায়। বোল্টনৰ বাসগৃহ আৰু কাৰ্যালয়ত গোপনীয় ৰেকৰ্ড থকাৰ সন্দেহত এই অভিযান চলোৱা হৈছিল। এই কাৰ্য্যৰ সন্দৰ্ভত এফ বি আইৰ সঞ্চালক কাছ পেটেলে ছ’চিয়েল মিডিয়াত কয় যে, কোনোৱেই আইনৰ ওপৰত নহয়। এফ বি আইৰ এজেণ্টসকল এটা মিছনত আছে। পেটেলৰ এই পোষ্টৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এটৰ্নী জেনেৰেল পেম বণ্ডীয়ে কয় যে, আমেৰিকাৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো আপোচ কৰিব নোৱাৰি। ন্যায় সদায় নিশ্চিতভাৱে হ’ব।

প্ৰায় ৭ বজালৈকে প্ৰায় ছখন বাহন লৈ বোল্টনৰ ঘৰত এফ বি আইৰ এজেণ্ট থাকে। এই সময়ছোৱাত স্থানীয় মণ্টগোমাৰী কাউন্টি আৰক্ষীয়ে বোল্টনৰ বাসগৃহলৈ যোৱা ৰাস্তাটোৰ দুয়োটা প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়ে। প্ৰায় এঘণ্টাৰ পিছত এফ বি আইৰ এজেণ্টসকলে ফাইলৰ থোপা লৈ বাসগৃহৰ পৰা ওলাই আহিল। দীৰ্ঘদিন ধৰি বোল্টনে ট্ৰাম্পৰ লক্ষ্যত থকা বুলি জল্পনা-কল্পনা কৰা হৈছে। শেহতীয়াকৈ আলাস্কাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে হোৱা বৈঠকৰ পিছত বোল্টনে ট্ৰাম্পক সমালোচনা কৰিছিল।

সূত্ৰসমূহে জনোৱা মতে, মেৰিলেণ্ডৰ এজন ফেডাৰেল মেজিষ্ট্ৰেট ন্যায়াধীশে বোল্টনৰ বাসগৃহত তালাচীৰ অনুমতি দিছিল আৰু ৱাশ্বিংটনৰ আন এজন ফেডাৰেল মেজিষ্ট্ৰেট ন্যায়াধীশে তেওঁৰ ডাউনটাউন ডিচিৰ কাৰ্যালয়ত তালাচীৰ অনুমতি দিছিল। চিবিএছ নিউজ চেনেলৰ মতে, বোল্টনে কেইবাবাৰো যোগাযোগ কৰিবলৈ চেষ্টা কৰাৰ পিছতো এফ বি আইৰ অভিযানৰ কোনো সঁহাৰি নিদিলে। পূব সময় অনুসৰি দুপৰীয়া ২ বজাৰ পিছত তেওঁ নিজৰ বাসগৃহলৈ উভতি আহে। তেতিয়ালৈকে এফ বি আইৰ এজেণ্টসকল তাৰ পৰাই গুচি গৈছিল।

শুকুৰবাৰে পুৱা পিপলছ হাউছ মিউজিয়াম ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ট্ৰাম্পে সাংবাদিকৰ আগত কয় যে তেওঁ বোল্টনৰ বাসগৃহত এফ বি আইৰ অভিযানৰ বিষয়ে অৱগত নাছিল। টিভি চাই থাকোঁতে সি এই বিষয়ে গম পালে। ন্যায় বিভাগৰ মুখপাত্ৰসকলেও মন্তব্যৰ বাবে কৰা অনুৰোধৰ তৎক্ষণাত কোনো সঁহাৰি নিদিলে। উল্লেখযোগ্য যে ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত বোল্টনে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৭ মাহ এই পদত কাৰ্যনিৰ্বাহ কৰি পদত্যাগ কৰে।

তাৰ পিছত ব’লটনে ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতাৰ হিচাপে তেওঁৰ কাৰ্যকালত ‘দ ৰূম ৱেৰে ইট হেপেণ্ড’ নামৰ এখন কিতাপ লিখিছিল। কিতাপখনত তেওঁ ট্ৰাম্পক লৈ কঠোৰ মন্তব্য কৰিছিল। ট্ৰাম্প প্ৰশাসনে এই গ্ৰন্থ প্ৰকাশ বন্ধ কৰিবলৈ চেষ্টা কৰিছিল আৰু পিছত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। বোল্টনে গোপনীয় তথ্য প্ৰকাশ কৰে নেকি সেই সন্দৰ্ভত ন্যায় বিভাগে অপৰাধমূলক তদন্ত আৰম্ভ কৰে। ২০২০ চনৰ জুন মাহত আমেৰিকাৰ জিলা ন্যায়াধীশ ৰয়ছ লেম্বাৰ্থে ন্যায় বিভাগে বোল্টনৰ কিতাপখনৰ প্ৰকাশ বন্ধ কৰাৰ চেষ্টা নাকচ কৰিছিল যদিও ইয়াৰ সৈতে জড়িত গোপনীয় সামগ্ৰীৰ ওপৰত মন্তব্য কৰিছিল। লেম্বাৰ্থে এই সিদ্ধান্তত কয় যে বোল্টনে “তেওঁৰ অপ্ৰকাশ চুক্তিৰ বাধ্যবাধকতা উলংঘা কৰি গোপনীয় তথ্য প্ৰকাশ কৰি ৰাষ্ট্ৰীয় নিৰাপত্তাক বিপদত পেলাইছে।” লেম্বাৰ্থে লগতে লিখিছে, বল্টনে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে খেলা-ধূলা কৰিছে। তেওঁ নিজৰ দেশৰ ক্ষতি কৰিছে।

২০২০ চনৰ নৱেম্বৰ মাহত ট্ৰাম্পে তেওঁৰ কিতাপখনত দাবী কৰিছিল যে বোল্টনে “অবৈধভাৱে বহু গোপনীয় তথ্য প্ৰকাশ কৰিছিল”। আন এটা ছ’চিয়েল মিডিয়া পোষ্টত তেওঁ বোল্টনক “এজন পতিত ব্যক্তি” বুলি অভিহিত কৰিছে। লাভৰ বাবে স্পৰ্শকাতৰ গোপনীয় তথ্য প্ৰচাৰ কৰাৰ বাবে জেলত থকা উচিত বুলি ট্ৰাম্পে কয়। পিছত বাইডেন প্ৰশাসনে বোল্টনৰ তদন্ত বন্ধ কৰি তেওঁৰ বিৰুদ্ধে থকা গোচৰটো প্ৰত্যাহাৰ কৰে। ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে তেওঁৰ প্ৰশাসনে বোল্টনৰ আমেৰিকাৰ গোপন সেৱাৰ সুৰক্ষা আঁতৰাই পেলোৱা কথাটোৰ পৰা লুকাই থকা নাই। ২০২১ চনৰ ডিচেম্বৰ মাহত ইৰাণৰ পৰা অহা ভাবুকিৰ পিছত বাইডেন প্ৰশাসনে বোল্টনক এই নিৰাপত্তা প্ৰদান কৰিছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

পাকিস্তানৰ কৰাচীত কিছু ঘন্টা বৰষুণৰ অন্তত বানপানী, বিদ্যুৎ বিচ্ছিন্ন
বাংলাদেশত পাঁচটা মুখ্য় ধৰ্মীয় দলৰ মিলিজুলি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা
চীন ভ্ৰমণৰ পৰা উভতি অহাৰ পিছতে প্ৰধানমন্ত্ৰী অলিয়ে লিপুলেখৰ বিষয়টো স্পষ্ট কৰি দিয়ে
ৰাষ্ট্ৰপতি পেজেস্কিয়ানৰ ঘোষণা – ইৰাণে আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাক নকৰে সহযোগ
লিছবনত ট্ৰাম দুৰ্ঘটনাত ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু আহত

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article মেদবহুলতা হ্ৰাস কৰা বিজ্ঞাপনৰ বিভ্ৰান্তিৰ বাবে ভিএলচিচি লিমিটেডৰ বিৰুদ্ধে চিচিপিএৰ ৩ লাখ টকাৰ জৰিমনা
Next Article বিহাৰৰ পাটনাত ট্ৰাক আৰু অটো সংঘৰ্ষত নিহত ০৮ জন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?