নতুন দিল্লী, ০২ নৱেম্বৰ (হি.স.)। মহাকাশ জগতখনত সফলতাৰ এক নতুন অধ্যায় লিখিবলৈ সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) । দেওবাৰে সন্ধিয়া ৫:২৬ বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ হ’বলগীয়া ৪ হাজাৰ কিলোগ্ৰামতকৈ অধিক ওজনৰ যোগাযোগ উপগ্ৰহ চিএমএছ-৩ উৎক্ষেপণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ইছৰোৱে। উৎক্ষেপণৰ পূৰ্বে ইছৰোৰ অধ্যক্ষ নাৰায়ণনৰ নেতৃত্বত বিজ্ঞানীৰ এটা দলে ভগৱান শ্ৰী ভেংকটেশ্বৰৰ ওচৰত উপগ্ৰহটো সফল উৎক্ষেপণৰ বাবে প্ৰাৰ্থনা কৰে।
৪ হাজাৰ কিলোগ্ৰামতকৈ অধিক ওজনৰ যোগাযোগ উপগ্ৰহ চিএমএছ-৩ আজি উৎক্ষেপণৰ বাবে সাজু হৈছে। ইছৰোৰ এক বিবৃতি অনুসৰি, চিএমএছ-০৩ হৈছে এটা মাল্টি বেণ্ড যোগাযোগ উপগ্ৰহ যিয়ে ভাৰতীয় ভূখণ্ড আৰু বৃহৎ সাগৰীয় অঞ্চললৈ সেৱা আগবঢ়াব। প্ৰায় ৪৪০০ কিলোগ্ৰাম ওজনৰ এই উপগ্ৰহ ভাৰতৰ ভূমিৰ পৰা জিঅ’চিংক্ৰ’নাছ ট্ৰেন্সফাৰ অৰ্বিট (জিটিঅ’)লৈ প্ৰেৰণ কৰা এতিয়ালৈকে হোৱা আটাইতকৈ গধুৰ যোগাযোগ উপগ্ৰহ হ’ব। পেলোডত চি, এক্সটেণ্ডেট চি, আৰু কেইউ বেণ্ডত ভইচ, ডাটা আৰু ভিডিঅ’ লিংকৰ বাবে ট্ৰেন্সপণ্ডাৰ অন্তৰ্ভুক্ত কৰা হয়।’
इस पेलोड में C, एक्सटेंडेड C, और Ku बैंड पर वॉइस, डेटा और वीडियो लिंक के लिए ट्रांसपोंडर शामिल हैं।’
—————
हिन्दुस्थान समाचार / অৰৱিন্দ
