ৰামবন, ৩০ আগষ্ট (হি.স.)। জম্মু-কাশ্মীৰৰ ৰামবান জিলাৰ ৰাজগড় তহচিলত ডাৱৰ বিস্ফোৰণৰ ফলত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে এজন লোক সন্ধানহীন হৈ আছে। আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে, উদ্ধাৰকাৰী দলে ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা চাৰিটা মৃতদেহ উদ্ধাৰ কৰিছে আৰু নিৰুদ্দেশ হোৱা লোকজনৰ সন্ধান উলিয়াবলৈ চেষ্টা অব্যাহত আছে। বিষয়াগৰাকীয়ে কয় যে, ডাৱৰ বিস্ফোৰণৰ ফলত ক্ষন্তেকীয়া বানপানীৰ ফলত ব্যাপক ক্ষতিসাধন হোৱাৰ লগতে অঞ্চলটোৰ স্বাভাৱিক জীৱনত প্ৰভাৱ পৰিছে।এজন ব্যক্তি এতিয়াও সন্ধানহীন হৈ আছে।
ইফালে কেন্দ্রীয় মন্ত্রী ড০ জিতেন্দ্র সিঙে এক্সত প’ষ্ট কৰি ৰামবনৰ উপাযুক্ত মহম্মদ আয়াজ খানৰ সৈতে এই ঘটনা সন্দর্ভত কথা পতা বুলি জানিবলৈ দিয়ে৷ তেওঁ কয়, ৰাজগড় অঞ্চলত ডাৱৰ বিস্ফোৰণৰ ফলত দুৰ্ভাগ্যজনকভাৱে চাৰিজন লোকৰ মৃত্যু হৈছে। এতিয়াও এজন ব্যক্তি নিৰুদ্দেশ হৈ আছে আৰু অনুসন্ধান অভিযান চলি আছে। সৌভাগ্যক্ৰমে কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই। উদ্ধাৰ অভিযান চলি আছে আৰু সকলো ধৰণৰ সাহায্য প্ৰদান কৰা হৈছে। মই জিলা প্ৰশাসনৰ সৈতে অহৰহ যোগাযোগত আছো।
মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাইও এই ঘটনাক লৈ শোক প্ৰকাশ কৰে। তেওঁৰ কাৰ্যালয়ে টুইটাৰযোগে এক পোষ্টযোগে প্ৰকাশ কৰিছে যে ৰামবনৰ ৰাজগড়ত হোৱা ভূমিস্খলনৰ ফলত প্ৰাণ আৰু সা-সম্পত্তিৰ ক্ষতি হোৱাত মুখ্যমন্ত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ প্ৰশাসনক তাৎক্ষণিক উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
