সাহিবগঞ্জ, ১৯ আগষ্ট (হি.স.)। ঝাৰখণ্ডৰ সাহিবগঞ্জৰ এটা আত্মগোপন স্থানত মঙলবাৰে পুৱা প্ৰৱৰ্তন সঞ্চালকালয়ৰ দলে অভিযান চলাইছে।
চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, জি এছ টি সম্পৰ্কীয় গোচৰৰ সন্দৰ্ভত গোৱা শাখাৰ ইডিৰ দলটোৱে সাহিবগঞ্জৰ বঙালী টোলাত উপস্থিত হৈ বাবলু কাবাদীৰ আত্মগোপন স্থানত থকা নথি-পত্ৰসমূহ তন্ন তন্নকৈ পৰীক্ষা কৰি আছে।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ৭ আগষ্টত ৭৫০ কোটি টকাৰ ভুৱা জি এছ টি চালান নিৰ্মাণৰ গোচৰত ইডিয়ে ঝাৰখণ্ড, পশ্চিম বংগ আৰু মহাৰাষ্ট্ৰতো অভিযান চলাইছিল। ধন সৰবৰাহ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত তিনিখন ৰাজ্যৰ ১২টা চৌহদত অভিযান চলায়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
