ৱাশ্বিংটন, ১৯ আগষ্ট (হি.স.)। ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ বন্ধ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে সোমবাৰে হোৱাইট হাউছত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কি আৰু ইউৰোপীয় সংঘৰ নেতাসকলক সাক্ষাৎ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্পে। এই বৈঠক আলাস্কা শীৰ্ষ সন্মিলনৰ কেইদিনমান পিছত হৈছিল। ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আলাস্কাত যুদ্ধবিৰতিৰ বিষয়টোক লৈ প্ৰায় তিনি ঘণ্টা ধৰি আলোচনা কৰে। জেলেনস্কিয়ে অভেল অফিচত ৰাষ্ট্ৰপতি ট্ৰাম্পক চুক্তিখনৰ ওপৰত আগবাঢ়ি গৈ নিজৰ দেশৰ নিৰাপত্তাৰ নিশ্চয়তা বিচাৰিছিল। ট্ৰাম্পে কয় যে যদি তেওঁ এই চুক্তিখন মানি ল’বলৈ সাজু হয় তেন্তে আমেৰিকাই ইউক্ৰেইনক সুৰক্ষা দিবলৈ সাজু। প্ৰয়োজন হ’লে আমেৰিকাই ইউক্ৰেইনত নিজৰ সৈন্য নিয়োগ কৰিব।
দ্য নিউয়ৰ্ক টাইমছৰ বাতৰি অনুসৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি আৰু ইউৰোপৰ সাতজন নেতাই ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলোৱাৰ সন্দৰ্ভত কালি হোৱাইট হাউছত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। অ’ভেল অফিচত জেলেনস্কিয়ে ট্ৰাম্পৰ সৈতে ইউক্ৰেইনৰ নিৰাপত্তাৰ নিশ্চয়তা প্ৰদানৰ ক্ষেত্ৰত আমেৰিকাৰ ভূমিকা সম্পৰ্কে কথা পাতিছিল। ইউক্ৰেইনৰ নিৰাপত্তাৰ নিশ্চয়তা দিয়াটোৱেই হৈছে এই চুক্তিৰ আটাইতকৈ জটিল বিষয়। ইয়াৰ উদ্দেশ্য হ’ল ৰাছিয়াই শান্তি চুক্তিত সন্মতি দিয়াৰ পিছত যুদ্ধ পুনৰ আৰম্ভ নকৰে।
ৰাষ্ট্ৰপতি ট্ৰাম্পে জেলেনস্কিক আশ্বাস দিয়ে যে আমেৰিকাই ইউক্ৰেইনক সুৰক্ষা দিব। তেওঁ কয় যে কোনোবা নহয় কোনোবা প্ৰকাৰে সহায় আগবঢ়োৱা হ’ব। আমেৰিকাৰ সৈন্য নিয়োগৰ সম্ভাৱনাও তেওঁ নুই কৰা নাছিল। তেওঁ জেলেনস্কিক সুধিলে যে ইউক্ৰেইনে কেনেধৰণৰ নিৰাপত্তাৰ নিশ্চয়তা বিচাৰে? জেলেনস্কিয়ে কয় যে ইউক্ৰেইনৰ বাবে প্ৰতিটো ধৰণৰ নিৰাপত্তাৰ নিশ্চয়তাৰ প্ৰয়োজন। এই বৈঠকত দুয়োগৰাকী নেতাৰ মাজত ক্ৰিমিয়াৰ বিষয়েও আলোচনা কৰা হৈছিল। জেলেনস্কিয়ে হয়তো এই কথাত সন্মতি দিছে। এই সময়ছোৱাত জেলেনস্কিয়ে বাৰে বাৰে ত্ৰিপাক্ষিক বৈঠকৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল (জেলেনস্কি-ট্ৰাম্প-পুটিনৰ আলোচনা)। ইয়াৰ বাবে ক্ৰেমলিন সাজু নহয় বুলি ট্ৰাম্পে কয়। ইয়াৰ পিছতো তেওঁ শীঘ্ৰে ত্ৰিপাক্ষিক আলোচনাৰ চেষ্টা কৰিব।
এনবিচি নিউজৰ মতে, প্ৰায় সাড়ে তিনি বছৰ ধৰি চলি থকা এই সংঘাতৰ সমাধানৰ বাবে হোৱাইট হাউছত অনুষ্ঠিত এই বৈঠকত বহু ইউৰোপীয় নেতাই জেলেনস্কি আৰু ট্ৰাম্পৰ সৈতে যোগদান কৰে। ট্ৰাম্পে সকীয়াই দিছিল যে যদি ইয়াক চলি থাকিবলৈ দিয়া হয় তেন্তে ই তৃতীয় বিশ্বযুদ্ধৰ ৰূপ ল’ব পাৰে। আমেৰিকাৰ সৈন্যই শান্তি চুক্তি অনাত সহায় কৰিব নেকি বুলি সোধাত ট্ৰাম্পে এই সম্ভাৱনা নুই কৰা নাছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
