নতুন দিল্লী/কেৱাদিয়া, ৩১ অক্টোবৰ (হি.স.)। দেশৰ প্ৰথম গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ ১৪৮ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আজি (মঙলবাৰে) কেৱাদিয়া (গুজৰাট)ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক পুস্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধা নিবেদন কৰে। নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে পুস্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে পেটেলক স্মৰণ কৰি এক্সত লিখিছে, ‘চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকীত তেওঁৰ অদম্য মনোভাৱ, দূৰদৰ্শী ৰাজনীতিবিদ আৰু অসাধাৰণ নিষ্ঠাক আমি মনত পেলাইছো। তেওঁ আমাৰ দেশৰ ভাগ্য গঢ় দিছিল। ৰাষ্ট্ৰীয় ঐক্যৰ প্ৰতি তেওঁৰ দায়বদ্ধতাই আমাক পথ প্ৰদৰ্শন কৰি আছে। তেওঁৰ সেৱাৰ বাবে আমি সদায় ঋণী হৈ থাকিম। প্ৰধানমন্ত্ৰী মোদীয়ে গুজৰাট ভ্ৰমণৰ দ্বিতীয় দিনা পুৱা কেৱাদিয়াৰ ষ্টেচু অৱ ইউনিটিত উপস্থিত হয়। ইয়াত তেওঁ দেশৰ প্ৰথমজন গৃহমন্ত্ৰীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এই সময়ত প্ৰধানমন্ত্ৰীয়ে ৰেম্পৰ পৰা নামি ঐক্যৰ মূৰ্তিলৈ গৈ তাৰ পৰাই চৰ্দাৰ পেটেলক ফুল আগবঢ়ায়। ইয়াৰ পিছত তেওঁ একতা নগৰত উপস্থিত হৈ তাত উপস্থিত থকা লোকসকলক একতাৰ শপত গ্ৰহণ কৰায়। ৰাষ্ট্ৰীয় ঐক্য দিৱস উপলক্ষে ইয়াত এক পেৰেডৰ আয়োজন কৰা হৈছে। ইয়াত চি আৰ পি এফৰ মহিলা বাইকাৰসকলে আচৰিত ধৰণৰ প্ৰদৰ্শন আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে আজি পেটেল জয়ন্তীত যুৱ প্ৰজন্মৰ দেশজোৰা সংগঠন মেৰা যুৱ ভাৰত উন্মোচন কৰিব।
ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ পেটেল চ’কত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি ধনখৰ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আদিয়ে ভাৰতৰ প্ৰথমজন গৃহমন্ত্ৰীৰ জন্ম বাৰ্ষিকীত প্ৰতিমূৰ্তিত পুষ্পবিন্যাসেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজি দেশত তেখেতৰ জন্ম বাৰ্ষিকী ‘ৰাষ্ট্ৰীয় ঐক্য দিৱস’ হিচাপে উদযাপন কৰা হৈছে।
শ্বাহে লিখিছে যে ভাৰতৰ ঐক্য আৰু সমৃদ্ধি চৰ্দাৰ বল্লভভাই পেটেলৰ জীৱনৰ একমাত্ৰ লক্ষ্য আছিল। নিজৰ দৃঢ় ইচ্ছাশক্তি, ৰাজনৈতিক জ্ঞান আৰু কঠোৰ পৰিশ্ৰমেৰে ৫৫০ খনতকৈও অধিক ৰাজকীয় ৰাজ্যত বিভক্ত ভাৰতক এক সংযুক্ত জাতি হিচাপে গঢ়ি তুলিবলৈ তেওঁ কাম কৰিছিল। দেশৰ প্ৰথমজন গৃহমন্ত্ৰী হিচাপে চৰ্দাৰ চাহেবৰ ৰাষ্ট্ৰ আৰু ৰাষ্ট্ক নিৰ্মাণৰ কামৰ প্ৰতি সমৰ্পিত জীৱনে আমাক সদায় অনুপ্ৰাণিত কৰিব। লৌহ পুৰুষ চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি আৰু সমূহ দেশবাসীলৈ ৰাষ্ট্ৰীয় ঐক্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
পেটেল চকত আয়োজিত এই কাৰ্যসূচীত দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনা আৰু বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখীকে ধৰি বহুকেইজনে অংশগ্ৰহণ কৰে। আনহাতে চৰ্দাৰ পেটেলৰ জন্ম জয়ন্তীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে লক্ষ্ণৌৰ তেওঁৰ মূৰ্তিত পুস্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাষ্ট্ৰীয় ঐক্য দিৱসৰ অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী আৰু যোগীয়ে ৰান ফৰ ইউনিটিৰ ফ্লেগ অফ কৰে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
