• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসৰ পৃষ্ঠাত ০৮ আগষ্টঃ ভাৰতৰ অন্যতম মহান সম্ৰাট মহাৰাজ কৃষ্ণদেৱ ৰায়ৰ ৰাজ অভিষেক
National

ইতিহাসৰ পৃষ্ঠাত ০৮ আগষ্টঃ ভাৰতৰ অন্যতম মহান সম্ৰাট মহাৰাজ কৃষ্ণদেৱ ৰায়ৰ ৰাজ অভিষেক

CliQ INDIA
Last updated: August 8, 2025 4:35 am
CliQ INDIA
Share
3 Min Read
SHARE

ভাৰতীয় ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ শাসক মহাৰাজ কৃষ্ণ দেৱ ৰায় (১৭ জানুৱাৰী ১৪৭১ – ১৭ অক্টোবৰ ১৫২৯) ১৫০৯ চনৰ ৮ আগষ্টত বিজয়নগৰ সাম্ৰাজ্যৰ সম্ৰাট হিচাপে মুকুট পিন্ধিছিল। তেওঁ তুলুভা বংশৰ তৃতীয় শাসক আছিল। তেওঁ নিজৰ ৰাজত্বকালত সাম্ৰাজ্যৰ ৰাজনৈতিক আৰু সাংস্কৃতিক শিখৰত উপনীত হোৱাৰ আৰ্হি প্ৰতিষ্ঠা কৰিছিল। দিল্লী চুলতান ৰাজ্যৰ পতনৰ পিছত তেওঁ নিজৰ সময়ত ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী সাম্ৰাজ্যত শাসন কৰিছিল।

মহাৰাজ কৃষ্ণ দেৱ ৰায়ৰ ৰাজত্বকাল সামৰিক সম্প্ৰসাৰণ আৰু ৰাজনৈতিক একত্ৰীকৰণৰ বাবে জনাজাত। বিজাপুৰ, গোলকণ্ডা, বাহমানী চুলতান আৰু ওড়িশাৰ গজাপতি চুলতানসকলক পৰাস্ত কৰি তেওঁ ভাৰত উপদ্বীপৰ বিশিষ্ট শাসক হৈ পৰে। তেওঁৰ ৰাজত্বকালৰ প্ৰধান অভিযানসমূহৰ ভিতৰত ১৫১২ চনত ৰাইচুৰ দোৱাব বিজয়, ১৫১৪ চনত ওড়িশাক বশ কৰা আৰু ১৫২০ চনত বিজাপুৰৰ চুলতানৰ বিৰুদ্ধে নিৰ্ণায়ক বিজয়। তেওঁৰ ৰাজত্বকালক তেলেগু সাহিত্যৰ সোণালী যুগ বুলি গণ্য কৰা হয়। তেওঁ আছিল কলা আৰু পাণ্ডিত্যৰ পৃষ্ঠপোষক।

অন্যান্য গুৰুত্বপূৰ্ণ ঘটনা

১৫০৯ – মহাৰাজ কৃষ্ণদেৱ ৰায়ক বিজয়নগৰ সাম্ৰাজ্যৰ সম্ৰাট হিচাপে মুকুট পিন্ধোৱা হয়।

১৫৪৯ – ফ্ৰান্সে ইংলেণ্ডৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।

১৬০৯ – ভেনিচৰ চেনেটে গেলিলিওৱে ডিজাইন কৰা টেলিস্কোপ পৰিদৰ্শন কৰে।

১৭৬৩ – বছৰ বছৰ ধৰি সংগ্ৰামৰ অন্তত অৱশেষত কানাডা ফ্ৰান্সৰ শাসনৰ পৰা স্বাধীন হয়।

১৮৬৪ – জেনেভাত ৰেড ক্ৰছ প্ৰতিষ্ঠা হয়।

১৮৯৯ – এ.টি. মাৰ্শ্বলে ৰেফ্ৰিজেৰেটৰৰ পেটেণ্ট লাভ কৰিছিল।

১৯০০ – বষ্টনত প্ৰথম ডেভিছ কাপৰ শৃংখলা আৰম্ভ হয়।

১৯১৯ – ব্ৰিটেইনে আফগানিস্তানৰ স্বাধীনতা অনুমোদন জনায়।

১৯৪২ – মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰে।

১৯৮৮ – আফগানিস্তানত ৯ বছৰীয়া যুদ্ধৰ অন্তত ৰাছিয়াৰ সৈন্যই প্ৰত্যাহাৰ কৰিবলৈ আৰম্ভ কৰে।

১৯৮৮ – ইৰাণ আৰু ইৰাকৰ মাজত আঠ বছৰীয়া সংঘাতৰ অন্তত যুদ্ধবিৰতি ঘোষণা কৰা হয়।

১৯৯০ – ইৰাকৰ তেতিয়াৰ একনায়কত্ববাদী ছাদ্দাম হুছেইনে কুৱেইট দখল ঘোষণা কৰে।

২০০৭ – ছানানা গুছমাও পূব টিমৰৰ প্ৰধানমন্ত্ৰী হয়।

২০০৪ – ইটালীয়ে বফৰ্চৰ দালালি গোচৰৰ মূল অভিযুক্ত অটাভিয়া কোৱাট্ৰ’চিক ভাৰতক গতাই দিবলৈ অস্বীকাৰ কৰে।

২০০৩ – পোন্ধৰখন সৰু দেশে টাইৱানক ৰাষ্ট্ৰসংঘৰ সদস্যপদৰ সমৰ্থন কৰে।

২০০২ – টাইৱানে স্বাধীন হ’বলৈ গণভোট পৰিকল্পনাৰ পৰা আঁতৰি যায়।

জন্ম

১৯৯৪ – মিৰাবাই চানু – বিখ্যাত ভাৰতীয় ভাৰোত্তোলক।

১৯৭৫ – জন বাৰলা – বিজেপি নেতা।

১৯৬৮ – ভাৰতীয় ক্ৰিকেটাৰ আবে কুৰুভিলা।

১৯৫৫ – ৰাজীৱ মহৰ্ষী – ভাৰতৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক।

১৯৫২ – সুধাকৰ ৰাও – ভাৰতীয় ক্ৰিকেটাৰ।

১৯৪৮ – কপিল ছিবাল – ভাৰতৰ বিখ্যাত ৰাজনীতিবিদ আৰু জ্যেষ্ঠ অধিবক্তা।

১৯৪৯ – প্ৰসন্ন আচাৰ্য – দ্বাদশ আৰু তেৰতম লোকসভাৰ সদস্য।

১৯৪০ – দিলীপ চৰদেশাই – ভাৰতীয় ক্ৰিকেটাৰ।

১৯৪১ – লতা দেশাই – ভাৰতৰ গুজৰাট ৰাজ্যৰ বিখ্যাত মহিলা চিকিৎসক।

১৯৪২ – বলবীৰ সিং খুল্লাৰ – ভাৰতীয় হকী দলৰ প্ৰাক্তন সদস্য।

১৯২১ – ৱুলিমিৰি ৰামালিংগাস্বামী – ভাৰতীয় চিকিৎসা বিজ্ঞানী।

১৯১৫ – ভীষ্ম সাহনী – ভাৰতীয় সাহিত্যিক।

১৯০৮ – সিদ্ধেশ্বৰী দেৱী – ধ্ৰুপদী সংগীত গায়িকা।

১৯০৪ – ত্ৰিভুৱন নাৰায়ণ সিং – ভাৰতীয় ৰাজনীতিবিদ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী।

মৃত্যু

২০২১ – অনুপম শ্যাম – ভাৰতীয় চলচ্চিত্ৰ আৰু টিভি অভিনেতা।

২০০০ চনত এছ নিজলিংগাপ্পা – ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

আজি তামিলনাডুত বিজেপিৰ প্ৰথমটো বুথ ইনচাৰ্জ সন্মিলনত নিৰ্বাচনী কৌশল চৰ্চা কৰিব অমিত শ্বাহ
আজিৰে পৰা আৰম্ভ হ’ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া
চত্তীশগঢ়ৰ বিজাপুৰত ২২ জন নক্সালবাদী আত্মসমৰ্পণ কৰে | BulletsIn
প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ যুৱক-যুৱতীসকললৈ আগবঢ়াব এক বৃহৎ উপহাৰ, ৬২ হাজাৰ কোটি টকাৰ আঁচনিৰ শুভাৰম্ভ
হণ্ডৱাৰাত গ্ৰেপ্তাৰ সন্ত্ৰাসবাদীৰ তিনি সহযোগী, অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article হাব নদী দলঙত ছিয়া তীৰ্থযাত্ৰীৰ প্ৰতিবাদী সমদল ৰুদ্ধ কৰিলে বেলুচিস্তান আৰক্ষীয়ে
Next Article লংকাত ড্ৰাগছ সহ এজনক আটক
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?