ভাৰতীয় ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ শাসক মহাৰাজ কৃষ্ণ দেৱ ৰায় (১৭ জানুৱাৰী ১৪৭১ – ১৭ অক্টোবৰ ১৫২৯) ১৫০৯ চনৰ ৮ আগষ্টত বিজয়নগৰ সাম্ৰাজ্যৰ সম্ৰাট হিচাপে মুকুট পিন্ধিছিল। তেওঁ তুলুভা বংশৰ তৃতীয় শাসক আছিল। তেওঁ নিজৰ ৰাজত্বকালত সাম্ৰাজ্যৰ ৰাজনৈতিক আৰু সাংস্কৃতিক শিখৰত উপনীত হোৱাৰ আৰ্হি প্ৰতিষ্ঠা কৰিছিল। দিল্লী চুলতান ৰাজ্যৰ পতনৰ পিছত তেওঁ নিজৰ সময়ত ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী সাম্ৰাজ্যত শাসন কৰিছিল।
মহাৰাজ কৃষ্ণ দেৱ ৰায়ৰ ৰাজত্বকাল সামৰিক সম্প্ৰসাৰণ আৰু ৰাজনৈতিক একত্ৰীকৰণৰ বাবে জনাজাত। বিজাপুৰ, গোলকণ্ডা, বাহমানী চুলতান আৰু ওড়িশাৰ গজাপতি চুলতানসকলক পৰাস্ত কৰি তেওঁ ভাৰত উপদ্বীপৰ বিশিষ্ট শাসক হৈ পৰে। তেওঁৰ ৰাজত্বকালৰ প্ৰধান অভিযানসমূহৰ ভিতৰত ১৫১২ চনত ৰাইচুৰ দোৱাব বিজয়, ১৫১৪ চনত ওড়িশাক বশ কৰা আৰু ১৫২০ চনত বিজাপুৰৰ চুলতানৰ বিৰুদ্ধে নিৰ্ণায়ক বিজয়। তেওঁৰ ৰাজত্বকালক তেলেগু সাহিত্যৰ সোণালী যুগ বুলি গণ্য কৰা হয়। তেওঁ আছিল কলা আৰু পাণ্ডিত্যৰ পৃষ্ঠপোষক।
অন্যান্য গুৰুত্বপূৰ্ণ ঘটনা
১৫০৯ – মহাৰাজ কৃষ্ণদেৱ ৰায়ক বিজয়নগৰ সাম্ৰাজ্যৰ সম্ৰাট হিচাপে মুকুট পিন্ধোৱা হয়।
১৫৪৯ – ফ্ৰান্সে ইংলেণ্ডৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
১৬০৯ – ভেনিচৰ চেনেটে গেলিলিওৱে ডিজাইন কৰা টেলিস্কোপ পৰিদৰ্শন কৰে।
১৭৬৩ – বছৰ বছৰ ধৰি সংগ্ৰামৰ অন্তত অৱশেষত কানাডা ফ্ৰান্সৰ শাসনৰ পৰা স্বাধীন হয়।
১৮৬৪ – জেনেভাত ৰেড ক্ৰছ প্ৰতিষ্ঠা হয়।
১৮৯৯ – এ.টি. মাৰ্শ্বলে ৰেফ্ৰিজেৰেটৰৰ পেটেণ্ট লাভ কৰিছিল।
১৯০০ – বষ্টনত প্ৰথম ডেভিছ কাপৰ শৃংখলা আৰম্ভ হয়।
১৯১৯ – ব্ৰিটেইনে আফগানিস্তানৰ স্বাধীনতা অনুমোদন জনায়।
১৯৪২ – মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰে।
১৯৮৮ – আফগানিস্তানত ৯ বছৰীয়া যুদ্ধৰ অন্তত ৰাছিয়াৰ সৈন্যই প্ৰত্যাহাৰ কৰিবলৈ আৰম্ভ কৰে।
১৯৮৮ – ইৰাণ আৰু ইৰাকৰ মাজত আঠ বছৰীয়া সংঘাতৰ অন্তত যুদ্ধবিৰতি ঘোষণা কৰা হয়।
১৯৯০ – ইৰাকৰ তেতিয়াৰ একনায়কত্ববাদী ছাদ্দাম হুছেইনে কুৱেইট দখল ঘোষণা কৰে।
২০০৭ – ছানানা গুছমাও পূব টিমৰৰ প্ৰধানমন্ত্ৰী হয়।
২০০৪ – ইটালীয়ে বফৰ্চৰ দালালি গোচৰৰ মূল অভিযুক্ত অটাভিয়া কোৱাট্ৰ’চিক ভাৰতক গতাই দিবলৈ অস্বীকাৰ কৰে।
২০০৩ – পোন্ধৰখন সৰু দেশে টাইৱানক ৰাষ্ট্ৰসংঘৰ সদস্যপদৰ সমৰ্থন কৰে।
২০০২ – টাইৱানে স্বাধীন হ’বলৈ গণভোট পৰিকল্পনাৰ পৰা আঁতৰি যায়।
জন্ম
১৯৯৪ – মিৰাবাই চানু – বিখ্যাত ভাৰতীয় ভাৰোত্তোলক।
১৯৭৫ – জন বাৰলা – বিজেপি নেতা।
১৯৬৮ – ভাৰতীয় ক্ৰিকেটাৰ আবে কুৰুভিলা।
১৯৫৫ – ৰাজীৱ মহৰ্ষী – ভাৰতৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক।
১৯৫২ – সুধাকৰ ৰাও – ভাৰতীয় ক্ৰিকেটাৰ।
১৯৪৮ – কপিল ছিবাল – ভাৰতৰ বিখ্যাত ৰাজনীতিবিদ আৰু জ্যেষ্ঠ অধিবক্তা।
১৯৪৯ – প্ৰসন্ন আচাৰ্য – দ্বাদশ আৰু তেৰতম লোকসভাৰ সদস্য।
১৯৪০ – দিলীপ চৰদেশাই – ভাৰতীয় ক্ৰিকেটাৰ।
১৯৪১ – লতা দেশাই – ভাৰতৰ গুজৰাট ৰাজ্যৰ বিখ্যাত মহিলা চিকিৎসক।
১৯৪২ – বলবীৰ সিং খুল্লাৰ – ভাৰতীয় হকী দলৰ প্ৰাক্তন সদস্য।
১৯২১ – ৱুলিমিৰি ৰামালিংগাস্বামী – ভাৰতীয় চিকিৎসা বিজ্ঞানী।
১৯১৫ – ভীষ্ম সাহনী – ভাৰতীয় সাহিত্যিক।
১৯০৮ – সিদ্ধেশ্বৰী দেৱী – ধ্ৰুপদী সংগীত গায়িকা।
১৯০৪ – ত্ৰিভুৱন নাৰায়ণ সিং – ভাৰতীয় ৰাজনীতিবিদ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী।
মৃত্যু
২০২১ – অনুপম শ্যাম – ভাৰতীয় চলচ্চিত্ৰ আৰু টিভি অভিনেতা।
২০০০ চনত এছ নিজলিংগাপ্পা – ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
