কামৰূপ, ৩০ জুলাই (হি.স.)। দক্ষিণ কামৰূপৰ জাওকাটাদিয়াৰ কলহী নৈত অবৈধ খননকাৰ্য চলাই থকাৰ অভিযোগ উঠিছে। নগৰবেৰা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত জাওকাটাদিয়া কলহী নদীত জনৈক আলীয়ে চলাইছে এই অবৈধ খননকাৰ্য।
ভূ-মাফিয়াই বন বিভাগক অংগুষ্ঠ দেখুৱাই দিনে-নিশাই চলাই গৈছে অবৈধ খননকাৰ্য। এইক্ষেত্ৰত বিভাগীয়ক কৰ্তৃপক্ষক জাওকাটাদিয়াৰ কলহী নৈৰ অবৈধ খননকাৰ্য বন্ধ কৰাৰ দাবী জনাইছে ৰাইজে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
