তামুলপুৰ, ১৮ জানুৱাৰী ( হি স )। তামুলপুৰ জিলাৰ কুমাৰীকাটাত আজি এক মাংগলিক পৰিবেশত সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিবেশনৰ লাইখুঁটা স্থাপন কৰা হয়। অৱসৰপ্ৰাপ্ত শিক্ষক দুলাল দাসে ধৰ্মীয় ৰীতি নীতিৰে অধিবেশনৰ লাইখুঁটা স্থাপন কৰে । তেওঁক সহযোগ কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি দুলুজিৎ ভৰালী, কাৰ্য্যকৰী সভাপতি মইনুল হক চৌধুৰী, সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি হাছিম আলি সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে।
প্ৰথমতে ইচলাম ধৰ্মৰ ৰীতি নীতিৰে আল্লাৰ ওচৰত সকলোৱে দোৱা কৰাৰ পিছতেই অৱসৰপ্ৰাপ্ত শিক্ষক দুলাল দাসে হিন্দু ধৰ্মৰ ৰীতি নীতিৰে মন্ত্ৰ উচ্চাৰণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। আজিৰ এই কাৰ্যসূচীত উদ্যোক্তা সকলে আগন্তুক ৩০, ৩১ জানুৱাৰীত হ’বলগীয়া সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিবেশনৰ সমূহ কাৰ্যসূচীত সৰ্বস্তৰৰ ৰাইজৰ সহায় সহযোগ তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰে ।
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ
