পাটনা, ৩০ জুলাই (হি.স.)। মুখ্যমন্ত্রী নীতিশ কুমাৰ নেতৃত্বতাধীন বিহাৰ চৰকাৰে ধাৰাবাহিকভাৱে জনসাধাৰণৰ হিতকাৰী কাম আগুৱাই লৈ গৈছে। এই খণ্ডটোত বুধবাৰে পুৱা মুখ্যমন্ত্ৰীয়ে আশা কৰ্মীৰ সন্মানীয় মাননি ধন ৩০০০ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।
আজি পুৱা মুখ্যমন্ত্রীয়ে এক্স পোষ্টত লিখিছে যে আশাকৰ্মীসকলক এতিয়া ১০০০ টকাৰ সলনি ৩০০০ টকাৰ উৎসাহিত ধনৰাশি দিয়া হ’ব। লগতে মমতা কাৰ্যকৰ্তাসকলক প্ৰতিটো প্ৰসৱৰ বাবে ৩০০ টকাৰ সলনি ৬০০ টকাৰ উৎসাহ ধন দিয়া হ’ব, ইয়াৰ ফলত তেওঁলোকৰ মনোবল আৰু অধিক বৃদ্ধি পাব আৰু গ্ৰামাঞ্চলত স্বাস্থ্য সেৱা শক্তিশালী হ’ব।
মুখ্যমন্ত্ৰীয়ে লিখিছে যে ২০০৫ চনৰ নৱেম্বৰ মাহত চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা আমি স্বাস্থ্য সেৱাৰ উন্নতিৰ বাবে ব্যাপকভাৱে কাম কৰিছো। আশা আৰু মমতাৰ কৰ্মীসকলে গ্ৰামাঞ্চলৰ স্বাস্থ্য সেৱাৰ উন্নতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই কথা মনত ৰাখি গ্ৰামাঞ্চলৰ স্বাস্থ্য সেৱা শক্তিশালী কৰাৰ ক্ষেত্ৰত আশা আৰু মমতাৰ কৰ্মীসকলৰ গুৰুত্বপূৰ্ণ অৱদানক সন্মান জনাই তেওঁলোকৰ সন্মানীয় মাননবি ধনৰাশিৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
