
হোজাই, ২৬ জুলাই (হি.স.)।
হোজাইত নিশা জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।
হোজাইৰ বৰপুখুৰীত নিশা গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজে জব্দ কৰে ড্ৰাগছখিনি।।
গাঁওৰক্ষী বাহিনীয়ে নিশা তহল দি থকা অৱস্থাত এজন বাইক আৰোহীক ৰবলৈ ইংগিত দিয়ে যদিও পলায়নৰ চেষ্টা চলাই এজোপা গছত খুন্দা মাৰে।।
পৰৱৰ্তী সময়ত ঘটনাস্থলীত নম্বৰপ্লেটবিহীন বাইক এৰি পলায়ন কৰে বাইক আৰোহীজনে।
বাইকত থকা সামগ্ৰী পৰীক্ষা কৰাত নটাকৈ চাবোন কেছ ভৰ্ত্তি ড্ৰাগছ আৰু বহু পৰিমানৰ নিচাজাতীয় টেবলেট উদ্ধাৰ কৰে।
পৰৱৰ্তী সময়ত হোজাই আৰক্ষীক খৱৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ জব্দ কৰে ড্ৰাগছখিনি আৰু বাহনখন।
হিন্দুস্থান সমাচাৰ / Narayan Kar
