ভুৱনেশ্বৰ, ২৬ জুলাই (হি.স.)। আজি সমগ্ৰ দেশতে ২৬ সংখ্যক কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে। এই উপলক্ষে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ শ্বহীদসকলক আৱেগিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তেওঁ কয় যে কাৰ্গিল বিজয় দিৱাছ ভাৰতীয় সেনাৰ অতুলনীয় বীৰত্ব, অদম্য সাহস আৰু জাতিটোৰ প্ৰতি অপৰিসীম আনুগত্যৰ প্ৰতীক।
ছ’চিয়েল মিডিয়াৰ জৰিয়তে মন্ত্ৰী প্ৰধানে কয় যে কাৰ্গিলত আমাৰ জোৱানসকলে প্ৰতিকূল পৰিস্থিতি আৰু দুৰ্গম পাহাৰত অতুলনীয় সাহস প্ৰদৰ্শন কৰি শত্ৰুক পৰাস্ত কৰি ত্ৰিৰংগৰ সন্মান অক্ষত ৰাখিছিল।
তেওঁ শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি কয় যে আজি কাৰ্গিল বিজয় দিৱস উপলক্ষে ভাৰত মাতৃ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া সেই বীৰ যোদ্ধা সকলক আমি শ্ৰদ্ধাৰে প্ৰণাম জনাইছো। তেওঁলোকৰ ত্যাগ যুগ যুগ ধৰি প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত অমৰ হৈ থাকিব।
১৯৯৯ চনৰ যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয়ৰ স্মৃতিত প্ৰতি বছৰে ২৬ জুলাইত কাৰ্গিল বিজয় দিৱস পালন কৰা হয়।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
