
মৰিগাঁও, ২২ জুলাই (হি.স.)। মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত জিলা খনৰ কৃতি ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন জ্ঞাপন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই সোমবাৰে অনুষ্ঠিত কৰা অভিনন্দন অনুষ্ঠানত জিলাখনৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৯০% তকৈ অধিক নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন জনোৱা হয়। অভিনন্দন অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়া আৰু নিৰ্দিষ্ট বক্তা হিচাপে আছুৰ সভাপতি উৎপল শৰ্মা।
অনুষ্ঠানটোত উপস্থিত থকা ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি কুলধৰ শইকীয়াই কয় যে আটাইতকৈ লগত থাকি যোৱা বস্তুটো, যিটো সমগ্ৰ পৃথিৱীয়ে সন্মান কৰে, সেইটো হৈছে সত্য। সেই কথাটো যাতে কেতিয়াও পাহৰি নোযোৱা। ইয়াৰোপৰি তেওঁ কয় যে লৰা ছোৱালীৰ মনত সৃষ্টিশীলতা থাকিব লাগিব। এই সৃষ্টিশীলতা স্কুলতে গঢ়ি আনিব লাগিব। অন্যহাতে আছুৰ সভাপতি উৎপল শৰ্মাই অভিনন্দন গ্ৰহন কৰা ছাত্ৰ ছাত্ৰী সকলক ভৱিষ্যতে যাতে আনৰ দুৱাৰে দুৱাৰে চাকৰি বিচাৰি ফুৰা একোজন চাকৰি প্ৰাৰ্থী (job seeker) হোৱাৰ পৰিৱৰ্তে নিজে সংস্থাপিত হৈ আন দহ জনক সংস্থাপন দিব পৰা সংস্থাপন প্ৰদানকাৰী (job provider) হিচাপে হোৱাৰ সংকল্প ল’বলৈ আহ্বান জনায়।
অনুষ্ঠানটোত মৰিগাঁও জিলা আয়ুক্ত অনামিকা তেৱাৰী বিশেষ অতিথি হিচাপে উপস্থিত থাকি উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰে। লগতে অনুষ্ঠানটোত জিলা ছাত্ৰ সন্থাৰ বিশিষ্ট ব্যক্তি সকলেও উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলৰ সফলতাৰ বাবে শুভকামনা জ্ঞাপন কৰে। লগতে অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াই কয় যে আজি মৰিগাঁও জিলাৰ যি সকল কৃতি ছাত্র-ছাত্ৰীয়ে ভাল নম্বৰ লাভ কৰি পৰীক্ষাত উত্তীৰ্ণ হৈছিল সেই সকল ছাত্র-ছাত্ৰীক অভিনন্দন জনোৱা হয় লগতে তেঁওলোকৰ অভিভাবক সকলকো ধন্যবাদ জ্ঞাপন কৰা লগতে ছাত্র-ছাত্ৰী সকলৰ সুন্দৰ ভবিষ্যতে কামনা কৰে অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াই।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
