কোকৰাঝাৰ, ২৮ জুন (হি.স.): আগন্তুক বিটিচি নিৰ্বাচনকলৈ তৎপৰ হৈ পৰিছে বিপিএফ দল। বিটিচিৰ ৪০ টা পৰিষদীয় সমষ্টিত নিৰ্বাচনী কাম কাজ তীব্রতৰ কৰি থকা সময়তে ১নং পৰ্বতঝোৰা সমষ্টিৰ মহামায়া ভিচিডিচিৰ আংগাৰকাটাত কালি নিশা যোগদান সভা অনুষ্ঠিত হয় । স্থানীয় এমচিএলএ মুন মুন ব্ৰহ্মৰ উপস্থিতিত শাসকীয় ইউপিপিএল দলৰ পৰা প্ৰায় অৰ্ধ শতাধিক কৰ্মী আনুষ্ঠানিক ভাৱে বিপিএফ দলত যোগদান কৰে।
সভাত এমচিএলএ মুন মুন ব্ৰহ্মই শাসকীয় দল ইউপিপিএল আৰু বিটিআৰৰ মুৰব্বী প্রমোদ বড়োক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয়। প্রমোদ বড়োৱে দেৱৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰী হাৰিব বুলি কোৱা মন্তব্যক পাৰিষদ মুন মুন ব্ৰহ্মই উভতি ধৰি কয় এয়া প্রমোদ বড়ো আৰু ফেৰেঙাৰ আত্ম সন্তুষ্টি পোৱাৰ বাহিৰে একো নহয়, হাগ্ৰামা মহিলাৰীৰ দেৱৰগাঁও নিজৰ অঞ্চল আৰু নিজৰ গাঁও হয়, ৰাইজ হাগ্ৰামা মহিলাৰী লগত, দেৱৰ গাঁৱত ইউপিপিএল নাই। বিটিটিৰ মুৰব্বী প্রমোদ বড়োই কৰা মন্তব্য যদি উন্নয়ন দেখিব লাগে তেন্তে তামুলপূৰত যাওক বুলি কৰা মন্তব্যৰ উত্তৰ দি এমচিএলএ ব্ৰহ্মই কয় যদি উন্নয়ন কৰিছে তেন্তে এখন ফটো দেখুৱাওক।
প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰে ভূমিৰ পাট্টা দিয়া বুলি কোৱা কথা ভুৱা কোনো মাটিৰ পাট্টা দিয়া নাই ,মা বাপেকৰ নামৰ ভূমি পুত্ৰ কন্যাক ভগাই দিয়াটো পট্টা দিয়া কয় নেকি বুলি প্ৰশ্ন কৰি প্রমোদ বড়োক ঠগাই চলা আৰু বন বিভাগৰ ইএম ৰঞ্জিত বসুমতাৰী ওৰফে ফেৰেঙা অধিক মিথ্যাচাৰী আৰু বনদস্যু বুলি কটাক্ষ কৰে। এমচিএলএ গৰাকীৰ মতে ২৫ পৰিষদীয় সমষ্টিত বিপিএফ দলে জিকিব যদিও ২৫ৰ অধিক পোৱাৰ বাবে টাৰ্গেট কৰিব বিপিএফ দলে। একালৰ বিপিএফ দলৰ মূল মূল (বাঘা বাঘা) নেতাই দল এৰি ইউপিপিএল দলত যোগদান কৰাৰ বিষয়টো সাংবাদিকে প্ৰশ্ন কৰাত এমচিএলএ গৰাকীয়ে তীব্ৰ কটাক্ষ কৰি কয় যে তেখেত সকল কোনো বাঘা নেতা নহয়, তেওঁলোক বৰ্তমান এমচিএলএ নাই, এমএলএ নাই, উপ-কাৰ্যবাহী সদস্যই নাই, গতিকে তেওঁলোক বাঘা বাঘা নেতা নহয় জ্যেষ্ঠ্য নেতা হে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
