ধুবুৰী, ১৫ নৱেম্বৰ (হি.স.): ধুবুৰীৰ চাপৰ ৰে’ল ষ্টেচনৰ সমীপত মঙলবাৰে সন্ধিয়া ৰে’লৰ খুণ্ডাত এজন যুৱকৰ মৃত্যু হয়। মালবাহী ৰে’লৰ খুন্দাত মৃত্যু হয় যুৱক গৰাকীৰ। দ্বিখণ্ডিত অৱস্থাত উদ্ধাৰ যুৱকজনৰ মৃতদেহ। যুৱকজন ফলিমাৰীৰ জাহানুন্দিন সেখ বুলি জানিব পৰা গৈছে।
ইফালে এয়া আত্মহত্যা নে দূৰ্ঘটনা সেয়া এতিয়াও স্পষ্ট হোৱা নাই। উক্ত ঘটনাই শোঁকৰ ছাঁ পেলাইছে অঞ্চলজুৰি।উল্লেখযোগ্য যে নিউ জলপাইগুৰিৰ পৰা যোগিঘোপা অভিমূখে আহি থকা মালবাহী ৰে’লৰ খুন্দাত সংঘটিত হয় এই ঘটনা। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো আঁতৰাই নিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
