ডেৰাডুন, ২৮ জুন (হি.স.)। উত্তৰাখণ্ডত বাৰিষাৰ প্ৰভাৱ চাৰিধাম যাত্ৰাত বাৰুকৈয়ে দেখাবলৈ পোৱা গৈছে। নেৰানেপেৰা বৰষুণৰ বাবে বহু ঠাইত যমুনোত্ৰী, গংগোত্ৰী, কেদাৰনাথ আৰু বদ্ৰীনাথ পথত ভূমিস্খলনৰ ধ্বংসাৱশেষ আৰু শিল বাগৰি পৰিছে। এই পথত যান-বাহনৰ চলাচল মসৃণ কৰাত ব্যস্ত হৈ আছে প্ৰশাসন। পথৰ বহু ঠাইত শিল পৰি আছে। ইয়াৰ বাবেই বিপদৰ সম্ভাৱনা আছে। বৰষুণ আৰু প্ৰবল বৰষুণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি সকলো জিলা দণ্ডাধীশক সতৰ্ক অৱস্থাত থাকিবলৈ কয় মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে।
যোৱা তিনিদিন ধৰি ৰুদ্ৰপ্ৰয়াগ জিলাত মাজে মাজে বৰষুণৰ ফলত পাহাৰত ভূমিস্ফলন ঘটিছে, যাৰ ফলত বহু ঠাইত পথ আৱদ্ধ হৈ পৰিছে। ইয়াৰ বাবে কেদাৰনাথ যাত্ৰা পথতো ক্ষতিগ্ৰস্ত হৈছে। শুকুৰবাৰে নিশা হোৱা ধাৰাসাৰ বৰষুণৰ বাবে সোণপ্ৰয়াগ অঞ্চলৰ হনুমান মন্দিৰ, শ্বাটল দলং আৰু মুংকটীয়াৰ সমীপত সঘনাইপাহাৰৰ মাটি আৰু শিল বাগৰি থকাৰ বাবে পথটো বহুবাৰ বন্ধ হৈ পৰিছে। ধ্বংসাৱশেষ আঁতৰোৱাৰ কামত অহৰহ ব্যস্ত হৈ আছে প্ৰশাসন। ইয়াৰ লগতে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত এছডিআৰএফ, এনডিআৰএফ আৰু ডিডিআৰএফৰ দল নিয়োগ কৰা হৈছে, যিবোৰে স্থানীয়ভাৱে নিৰীক্ষণ আৰু সাহায্যৰ কামত সক্ৰিয় হৈ আছে।
ঋষিকেশ-বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথৰ ছিৰোবাগাডৰ সমীপৰ দুটা স্থানত পাহাৰৰ পৰা বোল্ডাৰ পৰি যোৱাৰ বাবে যাতায়ত বন্ধ হৈ আছে। থিতাতে ৰাজহুৱা কাম বিভাগৰ দল মোতায়েন কৰি শীঘ্ৰে পথ মুকলি কৰাৰ বাবে কাম কৰি আছে। উত্তৰকাশী জিলাত গংগোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথ নেতালা, বিষাণপুৰ, লালডাং, হেলকুগাডৰ সমীপত ধ্বংসাৱশেষৰ বাবে বন্ধ হৈ থকাৰ বিপৰীতে পালিগাডৰ সমীপত ধ্বংসাৱশেষ আৰু শিলৰ বাবে যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ হৈ আছে। উত্তৰকাশী পথত চলাচল আৰম্ভ কৰাত ব্যস্ত সীমান্ত পথ সংস্থা আৰু ৰাষ্ট্ৰীয় ঘাইপথ সংমণ্ডল। চামোলী জিলাত অবিৰত বৰষুণৰ বাবে ভানেৰ পানী আৰু নন্দপ্ৰয়াগত বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। গ্ৰাম্য অঞ্চল সংযোগী পথসমূহো বন্ধ।
ৰুদ্ৰপ্ৰয়াগ আৰক্ষী উত্তৰাখণ্ডে ছ’চিয়েল মিডিয়াত জনোৱা মতে, ছিৰোবগাডৰ সমীপৰ দুটা স্থানত ধ্বংসাৱশেষ আৰু শিলৰ বাবে ৰুদ্ৰপ্ৰয়াগ জিলা আৰু পৌৰী জিলাৰ সীমান্তৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ হৈ আছে। সংশ্লিষ্ট কৰ্ম সংস্থাৰ পৰ্যায়ত পথ মুকলি কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। আন এটা পোষ্টত ৰুদ্ৰপ্ৰয়াগ আৰক্ষীয়ে জনোৱা মতে, সোণপ্ৰয়াগ এলেকাৰ অন্তৰ্গত বিভিন্ন স্থানত বাধাগ্ৰস্ত পথ মুকলি কৰাৰ পিছত সোণপ্ৰয়াগত থকা যাত্ৰীসকলক মুংকটীয়া স্লাইডিং জ’ন এলেকাৰ পৰা আৰক্ষীৰ সুৰক্ষাত কেদাৰনাথ ধামলৈ প্ৰেৰণ কৰা হৈছে।
মুখ্যমন্ত্ৰীৰ আহ্বান ৰাইজলৈ
বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাসৰ ভিত্তিত সকলো ৰাইজক সতৰ্ক হ’বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে। তেওঁ কয় যে অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰি প্ৰশাসনৰ নিৰ্দেশনা পালন কৰক। তেওঁ কয় যে ৰাজ্য চৰকাৰে পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে আৰু স্থানীয় প্ৰশাসনক প্ৰয়োজনীয় সকলো সাহায্য প্ৰদান কৰা হৈছে। বৰষুণ আৰু ধাৰাসাৰ বৰষুণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় প্ৰশাসনক সতৰ্ক অৱস্থাত ৰাখিবলৈও সকলো জিলা দণ্ডাধীশক কয় মুখ্যমন্ত্ৰীয়ে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
