
ল’জান, ২৮ জুন (হি.স.)। এফ আই এইচ হকী পুৰুষ জুনিয়ৰ বিশ্বকাপ ২০২৫ৰ পুল ড্ৰ’ ঘোষণা কৰা হৈছে। এইবাৰ প্রথমবাৰৰ বাবে ২৪টা দলৰ সৈতে অনুষ্ঠিত হ’বলগীয়া এই প্রতিযোগিতাখন ভাৰতৰ ৰাজ্য তামিলনাডুৰ উদ্যোগত অনুষ্ঠিত হ’ব৷ ২০২৫ চনৰ ২৮ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ চেন্নাই আৰু মাদুৰাই চহৰত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা।
পুল ড্ৰ’ তলত দিয়া ধৰণৰ-
আজি ল’জান (ছুইজাৰলেণ্ড)ত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত প্ৰতিযোগিতাখনৰ ছয়টা পুলৰ ড্ৰ’ অনুষ্ঠিত হয়। পুলবোৰৰ গঠন এনেধৰণৰ:-
পুল ক: জাৰ্মানী, দক্ষিণ আফ্ৰিকা, কানাডা, আয়াৰলেণ্ড
পুল বি: ভাৰত, পাকিস্তান, চিলি, ছুইজাৰলেণ্ড
পুল চি: আৰ্জেণ্টিনা, নিউজিলেণ্ড, জাপান, চীন
পুল ডি: স্পেইন, বেলজিয়াম, ইজিপ্ত, নামিবিয়া
পুল ই: নেদাৰলেণ্ড, মালয়েছিয়া, ইংলেণ্ড, অষ্ট্ৰিয়া
পুল এফ: ফ্ৰান্স, অষ্ট্ৰেলিয়া, কোৰিয়া, বাংলাদেশ
এফ আই এইচৰ সভাপতিয়ে ভাৰত চৰকাৰ আৰু তামিলনাডুৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে
এফ আই এইচৰ সভাপতি টাইব ইকৰামে ড্ৰ’ অনুষ্ঠানত কয় যে, এই বিশ্বকাপ আমাৰ যুৱকেন্দ্ৰিক পন্থাৰ আৰম্ভণি। মই তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন আৰু উপ-মুখ্যমন্ত্ৰী উধয়ানিধি ষ্টেলিনক ধন্যবাদ জনাইছো যিয়ে যুৱ হকী তাৰকাসকলক তেওঁলোকৰ ৰাজ্যলৈ আদৰণি জনাইছে। এই প্ৰতিযোগিতাৰ জৰিয়তে মাদুৰাইতো এখন নতুন আধুনিক হকী ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব। লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ক্ৰীড়া মন্ত্ৰী মানসুখ মাণ্ডবিয়াক কৃতজ্ঞতা জ্ঞাপন কৰে, যিসকলে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হকীৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
ইণ্ডিয়ান হকী এছ’চিয়েশ্যনে গৌৰৱ প্ৰকাশ কৰে
হকী ইণ্ডিয়াৰ মহাসচিব ভোলানাথ সিঙে কয় যে, হকী জগতৰ বাবে এই দিনটো ঐতিহাসিক কাৰণ প্ৰথমবাৰৰ বাবে ২৪খন দেশৰ মাজত জুনিয়ৰ বিশ্বকাপ খেলা হ’ব। প্ৰধানমন্ত্ৰী মোডীৰ সহযোগত আৰু ক্ৰীড়া মন্ত্ৰী মাণ্ডবিয়াৰ নিৰ্দেশনাত ভাৰতীয় হকীয়ে এক নতুন গতি লাভ কৰিছে। লগতে আমি তামিলনাডু চৰকাৰ আৰু এফ আই এইচৰ সভাপতি তাইব ইক্ৰামকো ধন্যবাদ জনাইছো। তেওঁ ২৪ টা দলৰ সকলোকে অভিনন্দন জনাই ভাৰতত উষ্ম আদৰণি জনোৱাৰ কথা কয়।
প্ৰথম বাৰৰ বাবে ২৪ টা দলৰ সৈতে জুনিয়ৰ বিশ্বকাপ
প্ৰথমবাৰৰ বাবে ২৪টা দলৰ সৈতে এফ আই এইচ পুৰুষ জুনিয়ৰ বিশ্বকাপ ২০২৫ৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাখনে প্ৰতিযোগিতাৰ এক নতুন অধ্যায় মুকলি কৰাই নহয়, আন্তঃৰাষ্ট্ৰীয় মঞ্চত যুৱক-যুৱতীসকলক নিজকে প্ৰমাণ কৰাৰ সুযোগো প্ৰদান কৰিব ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
