বৰপেটা, ২৩ জুন (হি.স.): বৰপেটা ৰোডৰ খৈৰাবাৰী তিনিআলি আশ্ৰমৰ কাষতে দেওবাৰে বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰামতে এএছ ১৫ এক্স ৬৬৭৯ নম্বৰৰ ইয়ামাহা বাইক আৰু এখন স্কুটিৰ মাজত সংঘটিত হোৱা উক্ত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হয় জাহিদুল ইছলাম নামৰ এজন ২২ বছৰীয়া যুৱক। আনহাতে গুৰুতৰভাৱে আহত হয় আনোৱাৰ হুছেইন আৰু হাবিজুল ৰহমান নামৰ দুজন যুৱক।
নিহত যুৱকজনৰ ঘৰ বৰপেটা ৰোডৰ ডুমুনী গাঁৱত বুলি জানিব পৰা গৈছে। ঘটনা স্থলীত বৰপেটা ৰোড আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও তিনিজনকে বৰপেটা ৰোড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ আনে যদিও চিকিৎসকে জাহিদুল ইছলাম নামৰ যুৱকজনক মৃত বুলি ঘোষণা কৰে। আৰু গুৰুতৰভাৱে আহত অৱস্থাত আনোৱাৰ আৰু হাবিজুলক বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেললৈ প্ৰেৰণ কৰে।ঘটনা সংঘটিত হোৱাৰ পিছতেই এক শোকাৱহ পৰিবেশৰ সৃষ্টি হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
