নতুন দিল্লী, ২৩ জুন (হি.স.)। ফিফা ক্লাব বিশ্বকাপ ২০২৫ৰ গ্ৰুপ এইচ মেচত দেওবাৰে মেক্সিকান ক্লাব পাচুকাক ৩-১ গ’লত পৰাস্ত কৰে ৰিয়েল মাদ্রিদে। এই জয় আছিল মেনেজাৰ হিচাপে মাদ্রিদৰ নতুন প্রশিক্ষক জাবি এল’নছ’ৰ প্রথম জয় ৷ অত্যন্ত গৰমৰ মাজতে আমেৰিকাৰ নৰ্থ কেৰ’লিনাৰ চাৰ্লটত খেলখন অনুষ্ঠিত হয়।
খেলখনৰ সপ্তম মিনিটত ৰিয়েল মাদ্রিদে ছলমন ৰণ্ডনক ফাউল কৰাৰ বাবে ডিফেণ্ডাৰ ৰাউল আচেনচিঅ’ক ৰঙা কাৰ্ড দেখুৱাইছিল। ইয়াৰ পিছতো ১০ জন খেলুৱৈ থকা মাদ্ৰিদ দলটোৱে মহান যুঁজৰ মনোভাৱ দেখুৱাই প্ৰথমাৰ্ধতে দুটা গ’ল দি অগ্ৰগতি লাভ কৰে।
প্ৰথমাৰ্ধত বেলিংহাম আৰু গুলাৰৰ জৰিয়তে অগ্ৰগতি –
খেলখনৰ ৩৫ মিনিটত গনজালো গাৰ্চিয়াৰ দ্ৰুত ফ্লিকেৰে ফ্ৰাণ গাৰ্চিয়াই বলটো বেলিংহামলৈ পাছ কৰে। বেলিংহামে ১৫ গজৰ দূৰত্বৰ পৰা বলটো গ’লত সুন্দৰভাৱে ৰাখি দলটোক অগ্ৰগতি প্ৰদান কৰে।
ইয়াৰ পিছত ৪৩ মিনিটত আন এক উৎকৃষ্ট পদক্ষেপত গাৰ্চিয়াই ট্ৰেণ্ট আলেকজেণ্ডাৰ-আৰ্নল্ডৰ প্ৰথম টাচ ক্ৰছত আৰ্ডা গুলাৰক বলটো পাছ কৰি দিয়ে গুলাৰে কোনো ভূল নকৰিলে।
ভালভাৰ্ডে জয় নিশ্চিত কৰে
দ্বিতীয়াৰ্ধত পাচুকাই অবিৰতভাৱে হেঁচা অব্যাহত ৰাখিছিল যদিও থিবো ক’ৰ্টোৱাৰ উৎকৃষ্ট গ’লৰক্ষকৰ বাবে তেওঁলোকে সফলতা লাভ কৰিব নোৱাৰিলে। সমগ্ৰ মেচখনত তেওঁ ১০টা উৎকৃষ্ট ছেভ কৰিছিল। অৱশ্যে ৮০ মিনিটত ইলিয়াছ মণ্টিয়েলৰ ডিফ্লেক্টেড শ্বটে এটা সান্ত্বনামূলক গ’ল দিছিল।
ইয়াৰ পূৰ্বে ৭০ মিনিটত ফেডেৰিকো ভালভাৰ্ডে স্লাইডিং ভলীৰে গ’ল দি ৰিয়েলৰ জয় নিশ্চিত কৰে।
মাদ্ৰিদৰ পৰৱৰ্তী পৰীক্ষা হ’ব ছালজবাৰ্গৰ বিৰুদ্ধে
এই জয়ৰ লগে লগে ৰিয়েল মাদ্রিদে দুখন মেচত ৪ পইণ্ট (১ জয়, ১ ড্র) লাভ কৰিছে ৷ এতিয়া বৃহস্পতিবাৰে ফিলাডেলফিয়াত আৰ বি ছালজবাৰ্গৰ বিৰুদ্ধে খেলিব, য’ত জয় বা ড্ৰ’ হ’লে লাষ্ট ১৬ত স্থান নিশ্চিত হ’ব। আনহাতে পাচুকা দুটাকৈ পৰাজয়ৰ সৈতে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হৈছে।
মেচখনৰ শ্বটৰ পৰিসংখ্যা পাচুকাৰ পক্ষত আছিল (মুঠ ২৫-৮ শ্বট, টাৰ্গেটত ১১-৩), কিন্তু ৰিয়েলে নিৰ্ণায়ক মুহূৰ্তত অধিক মানদণ্ড দেখুৱাই ফলাফল তেওঁলোকৰ পক্ষত লাভ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
