কামৰূপ, ৩১ ডিচেম্বৰ (হি.স.)। আজি বছৰৰ অন্তিমটো দিন। পুৰণি বিদায় দি নতুনক আদৰাৰ চলিছে ব্যাপক প্ৰস্তুতি। পোৱা–নোপোৱাৰ হিচাপৰ মাজেৰে আৰু কেইটামান ঘণ্টাৰ পাছতে বিদায় ল’ব ২০২৫ বৰ্ষই। ২০২৫ বৰ্ষক বিদায় দি সকলোৱে আদৰি ল’ব ২০২৬ বৰ্ষক। পুৱাৰে পৰা মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ। কোনোৱে যদি আৰি মাছ কিনিছে আন কোনোৱে চিতল, বাহু, ভকুৱা লৈছে। সকলোৱে বছৰটোৰ শেষত লগে ভাগে এসাজ খাবলৈ চলাইছে ব্যাপক আয়োজন।
উজনি অসমৰ বিভিন্ন বজাৰৰ শাক পাচলি আৰু মাছৰ বজাৰত দেখা গৈছে গ্ৰাহকৰ ব্যাপক ভিৰ। পছন্দৰ মাছ কিনিবলৈ পুৱাই বজাৰত ভিৰ গ্ৰাহকৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা মাছ আহে উজনি অসমলৈ । ভিন্ন প্ৰজাতিৰ সৰু–বৰ মাছেৰে উভৈনদী বজাৰ । প্ৰচণ্ড শীতৰ মাজতে পুৱাই শাক পাচলি আৰু মাছ কিনিবলৈ ওলাই আহিছে ৰাইজ। বজাৰত মাছ আৰু শাক পাচলিৰ মূল্যৰ তলত দিয়া হল কিছু তথ্য। ফুল কবি ৪০ টকা, বিলাহী ৬০ টকা, বেঙেনা ৫০ টকা, মূলা ৩০ টকা, ৰৌ মাছ ৩৫০ টকা, ভকুৱা মাছ ৪৫০ টকা, চিতল মাছ ৭০০ টকা, বৰালি মাছ ৭০০ টকা, হাঁহ ৭৫০ টকা, লোকেল মুৰ্গী ৫০০ টকা।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
