
কামৰূপ, ২০ জুন (হি.স.): উজনি অসমৰ পিছত এইবাৰ নামনি অসমত আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক বিৰাজ কৰিছে। ইতিমধ্যেই ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ শ শ গাহৰি মৃত্যুমুখত পৰিছে। যাৰ ফলত এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে হাজো আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ গাহৰি পালক সকলে।
উল্লেখ্য যে বিগত কেইদিন মানৰ ভিতৰত হাজোৰ সাতদলা আৰু ইয়াৰ ওচৰ পাজৰৰ অঞ্চলত গাহৰিৰ অস্বাভাৱিক মৃত্য ঘটাত পশুপালন বিভাগে মৃত গাহৰিৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছিল। পৰীক্ষাগাৰত মৃত গাহৰি সমূহ ছোৱাইন ফ্লুʼত আক্ৰান্ত বুলি প্ৰমাণিত হোৱাৰ পিছত বৃহস্পতিবাৰে পশুপালন বিভাগৰ লোকে ছোৱাইন ফিভাৰʼত আক্ৰান্ত গাহৰি সমূহ নিধন( culling) কৰে। পশুপালন বিভাগৰ লোকে জানিবলৈ দিয়া মতে আক্ৰান্ত এলেকাৰ ১কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত প্ৰায় ২০০গাহৰি চিনাক্ত কৰি নিধন কৰা হয়।
আনহাতে হাজো আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চল সমূহত এতিয়াও গাহৰি মাংস বিক্ৰী হৈ থকাত উদ্বেগ প্ৰকাশ কৰে বিভাগীয় লোকসকলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
