ওদালগুৰি, ২২ ছেপ্টেম্বৰ (হি.স.)। পঞ্চম বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি) নিৰ্বাচনৰ ওদালগুৰি জিলাৰ ১০টা পৰিষদীয় সমষ্টিত সোমবাৰে পুৱাৰে পৰা ভোটগ্ৰহণ আৰম্ভ হয়। কেইবাটাও স্থানৰ পৰা নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে।
জিলাখনৰ ১০খন পৰিষদৰ আসনৰ বাবে মুঠ ৬৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াত মুঠ ভোটদানৰ যোগ্য় ভোটাৰ হৈছে ৭৩৯,১১৪ জন, য’ত ৩৬৫,৪৯৩ জন পুৰুষ, ৩৭৩,৬১৫ জন মহিলা তথা ৬ জন তৃতীয় লিংগৰ ভোটাৰ আছে। ২০২০ চনৰ তুলনাত ইয়াৰ বৃদ্ধি ১৮.৬ শতাংশ।
জিলাখনত ৩৯৭টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে, য’ত ৩৭৪৮জন প্ৰিজাইডিং আৰু ভোটগ্ৰহণ বিষয়া নিয়োগ কৰা হৈছে। পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হৈছিল ভোটগ্ৰহণ।
নিৰ্বাচনৰ সময়ত হিংসাত্মক ঘটনাৰ খবৰো জানিব পৰা গৈছে। ধনশিৰি পৰিষদ এলেকাৰ (৩৭ নম্বৰ) বিপিএফৰ প্ৰাৰ্থী ফ্ৰেছ মুছাহাৰীয়ে দেওবাৰে নিশা বিপিএফৰ কাৰ্যালয়ত বিৰোধী সমৰ্থকে আক্ৰমণ কৰি কেইবাখনো বাহনৰ ক্ষতিসাধন কৰাৰ অভিযোগ উত্থাপন কৰে। এই সন্দৰ্ভত ওদালগুৰি থানাত এজাহাৰ দাখিল কৰে যদিও এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি কয়।
ইফালে, ভৈৰবকুণ্ড পৰিষদ এলেকা (৩৮ নম্বৰ)ৰ বিজেপিৰ প্ৰাৰ্থী মিনান মুছাহাৰীয়ে বিৰোধী দলৰ সমৰ্থকৰ বিৰুদ্ধে বিজেপি কৰ্মীক ভাবুকি দিয়াৰ লগতে বাহন আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে দুজন লোকক আটক কৰিছে।
লগতে নিকা আৰু শান্তিপূৰ্ণ নিৰ্বাচন নিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক আবেদন জনাইছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
