তিনিচুকীয়া, ৩০ ডিচেম্বৰ (হি.স.): মৰাণৰ গজপুৰীয়াত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি সোমবাৰে সন্ধিয়া সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। ভুল দিশেৰে (Wrong Side) অহা এখন দ্ৰুতবেগী স্কৰপিঅ’ আৰু স্কুটীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত দুজনকৈ লোকে মৃত্যুক সাৱটি লয়।
জানিব পৰা মতে এএছ ০৪ আৰ ২০৯৯ নম্বৰৰ স্কৰপিঅ’ বাহন খন আৰু এএছ ০৪ এজি ০৯৬০ নম্বৰৰ স্কুটীখনৰ মাজত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। স্কৰপিঅ’ বাহনখনে ৰাষ্ট্ৰীয় ঘাইপথৰ ভুল দিশেৰে আহি স্কুটীখনত প্ৰচণ্ড জোৰত খুন্দা মাৰে। ফলত স্কুটীখনত থকা আৰোহী দুজনৰ মৃত্যু হয়। দুৰ্ঘটনাত নিহত লোক দুজন শিৱসাগৰ জিলাৰ আমগুৰিৰ বিকাশ বৰুৱা আৰু উৎপল খনিকৰ জানিব পৰা হৈছে।
ইফালে, ঘটনাৰ খবৰ পোৱাৰ লগে লগে মৰাণ ৰাজহ চক্ৰ বিষয়া কুইন গগৈ আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈছে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
