
বৰপেটা, ১০ ডিচেম্বৰ (হি.স.): বৰপেটা ৰোডত যোৱা কালি মঙলবাৰে বিয়লি সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। উক্ত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন লোক। নিহত লোকজন বৰপেটা ৰোড মৈৰাঝাৰ পাথাৰৰ আতোৱাৰ আলী পাঠান (৪২) বুলি জানিব পৰা গৈছে। এখন তীব্ৰবেগী ট্ৰেক্টৰে আতোৱাৰ আলী নামৰ লোকজনক মহতিয়াই নিয়ে আৰু ঘটনা স্থলীত থিতাতে নিহত হয় লোকজন।
বৰপেটা ৰোড খৈৰাবাৰীত সংঘটিত হৈছে উক্ত ভয়ংকৰ তথা মৰ্মান্তিক পথ দুৰ্ঘটনা।স্থানীয় তথা প্ৰত্যক্ষদৰ্শী সকলে জনোৱা অনুসৰি আতোৱাৰ আলী পাঠান নামৰ লোকজনে চাইকেল লৈ কৰ্মসূত্ৰে বৰপেটা ৰোড বজাৰ অভিমুখে গৈ থকাৰ সময়তে বিপৰীত দিশৰ পৰা অহা এখন অভাৰলোড তীব্ৰবেগী ট্ৰেক্টৰে আতোৱাৰ আলীক মহতিয়াই নিয়ে যাৰ ফলত থিতাতে নিহত হয় লোকজন। ঘটনা স্থলীত বৰপেটা ৰোড আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও দূৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰখন জব্দ কৰি বৰপেটা ৰোড আৰক্ষী থানালৈ লৈ যায়। ইয়াৰ উপৰিও মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেলত প্ৰেৰণ কৰে। ঘটনা সংঘটিত হোৱাৰ পিছতে অঞ্চলটোত এক চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
