কাচাৰ, : ৰাজ্যত পুনৰ হিট এণ্ড ৰানৰ ঘটনা সংঘটিত হৈছে। কালি সন্ধিয়াৰ পিছত কালাইন বজাৰত দুখন অটোৰ সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় এজন লোক।
আহত ব্যক্তি গৰাকী ভটগ্ৰামৰ ৰাজীৱ ৰায় বুলি জানিব পৰা যায় । এই দুৰ্ঘটনাত ৰাজীৱ ৰায়ৰ দুখন ভৰি ভাঙি যায় । বৰ্তমান শিলচৰ চিকিৎসা মহাবিদ্যালয়ত তেওঁৰ চিকিৎসা চলি আছে ।
