নতুন দিল্লী,। ৰাষ্ট্ৰীয় ৰাজধানীৰ প্ৰগতি ময়দান কমপ্লেক্সত প্ৰতিষ্ঠিত ভাৰত মণ্ডপমত আজিৰ পৰা আৰম্ভ হোৱা তিনিদিনীয়া ষ্টাৰ্টআপ মহাকুম্ভত সফলতাৰ কাহিনী প্ৰদৰ্শিত হ’ব। ইয়াত দুহাজাৰ ষ্টাৰ্টআপে অংশগ্ৰহণ কৰিছে। ইয়াত ১০টা থিম পেভিলিয়ন আছে। এই তথ্য ঔদ্যোগিক প্ৰসাৰ আৰু আভ্যন্তৰীণ বাণিজ্য বিভাগৰ সম্পাদক ৰাজেশ কুমাৰ সিঙে দিছে।
তেওঁ কয় যে ১০০০ৰো অধিক বিনিয়োগকাৰী, ৩০০টা ইনকিউবেটৰ আৰু এক্সিলেটৰ, ৩০০০টা প্ৰতিনিধি, ২০খনতকৈও অধিক দেশৰ প্ৰতিনিধি দল, ভাৰতৰ ৩০০০জন সম্ভাৱ্য উদ্যোগী, ৫০টাতকৈও অধিক ইউনিকৰ্ণ আৰু ৫০ হাজাৰৰো অধিক ব্যৱসায়িক দৰ্শকে ইয়াৰ সাক্ষী হ’ব।
কুমাৰৰ মতে, এছোছেম, নেছকম, বুটষ্ট্ৰেপ ইনকিউবেছন এণ্ড এডভাইচৰী ফাউণ্ডেচন, টিআইই আৰু ইণ্ডিয়ান ভেঞ্চাৰ এণ্ড অলটাৰনেটিভ কেপিটেল এছ’চিয়েশ্যনৰ সহযোগিতামূলক প্ৰচেষ্টাত এই অনুষ্ঠানটো যৌথভাৱে আয়োজন কৰা হৈছে। ইয়াৰ উপৰিও বহু কেন্দ্ৰীয় মন্ত্ৰালয়ো কোনোবা নহয় কোনোবা ৰূপত এই অনুষ্ঠানৰ অংশ।
