– দক্ষিণ চীন সাগৰ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নিয়োজিত জাহাজক উষ্ম আদৰণি
নতুন দিল্লী, ০৫ অক্টোবৰ (হি.স.)। দক্ষিণ চীন সাগৰ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ইষ্টাৰ্ণ ফ্লীটৰ কাৰ্যকৰী নিয়োগৰ অংশ হিচাপে ভাৰতীয় নৌসেনাৰ থলুৱাভাৱে নিৰ্মিত ষ্টীলথ ফ্ৰিগেট আই এন এছ সহ্যাদ্ৰীয়ে মালয়েছিয়া ভ্ৰমণৰ তিনিদিনীয়া ভ্ৰমণ সম্পূৰ্ণ কৰিছে। ২ অক্টোবৰত কেমামান বন্দৰত উপস্থিত হোৱাৰ লগে লগে ৰয়েল মালয়েছিয়ান নৌসেনাই ভাৰতীয় জাহাজখনক উষ্ম আদৰণি জনায় আৰু দুয়োখন দেশৰ মাজত থকা চিৰস্থায়ী সাংস্কৃতিক সম্পৰ্ক আৰু সামুদ্ৰিক পৰম্পৰাৰ আনন্দ উদযাপন কৰে।
২০১২ চনত থলুৱাভাৱে ডিজাইন, নিৰ্মাণ আৰু কমিচন কৰা আই এন এছ সহ্যাদ্ৰী হৈছে শিৱালিক শ্ৰেণীৰ গাইডেড মিছাইল ষ্টীলথ ফ্ৰিগেটৰ তৃতীয়খন জাহাজ। ‘আত্মনিৰ্ভৰ ভাৰত’ পদক্ষেপৰ এক উদাহৰণ হিচাপে পৰিগণিত হোৱা জাহাজখনে অসংখ্য দ্বিপাক্ষিক আৰু বহুপক্ষীয় অনুশীলনৰ লগতে কাৰ্যকৰী নিয়োগতো অংশগ্ৰহণ কৰিছে। মালয়েছিয়ালৈ আই এন এছ সহ্যাদ্ৰীৰ এয়া তৃতীয়বাৰৰ বাবে ভ্ৰমণ। ইয়াৰ পূৰ্বে ২০১৬ চনত সদিচ্ছা অভিযানত প’ৰ্ট ক্লাং ভ্ৰমণ কৰা জাহাজখনে পিছলৈ ২০১৯ চনত কোটা কিনাবালুত অনুষ্ঠিত হোৱা সমুদ্ৰ লক্ষ্মণ অনুশীলনত অংশগ্ৰহণ কৰিছিল।এই ভ্ৰমণে দুয়োখন দেশৰ মাজত শক্তিশালী আৰু ক্ৰমবৰ্ধমান নৌসেনাৰ সম্পৰ্কক আলোকপাত কৰে।
নৌসেনাৰ কেপ্তেইন বিবেক মাধৱালৰ মতে, দক্ষিণ চীন সাগৰ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আই এন এছ সহ্যাদ্ৰীৰ চলি থকা কাৰ্যকৰী নিয়োগ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত দায়িত্বশীল সামুদ্ৰিক অংশীদাৰ আৰু পছন্দৰ নিৰাপত্তা অংশীদাৰ হিচাপে সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰ সৈতে সামঞ্জস্যপূৰ্ণ। কেমামান বন্দৰত জাহাজখনৰ আগমনে ভাৰত-মালয়েছিয়াৰ সামুদ্ৰিক সহযোগিতাক আৰু অধিক শক্তিশালী কৰি তুলিছে, দুয়োখন নৌসেনাৰ মাজত আন্তঃকাৰ্য্যক্ষমতা বৃদ্ধি কৰিছে আৰু উত্তম নৌসেনাৰ আদান-প্ৰদান কৰিছে।
তিনিদিনীয়া এই ভ্ৰমণৰ সময়ছোৱাত জাহাজখনৰ কমাণ্ডিং অফিচাৰে ৰয়েল মালয়েছিয়ান নৌসেনাৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে সৌজন্যতামূলক সাক্ষাৎ কৰে, য’ত নৌসেনা অঞ্চলৰ উপ-সেনাধ্যক্ষ ফাৰ্ষ্ট এডমিৰেল আব্দ হালিম বিন কামাৰুদ্দিনৰ সৈতে বৈঠক অনুষ্ঠিত হয়। এই ভ্ৰমণত পেছাদাৰী আদান-প্ৰদান, ভাৰতীয় নৌসেনা আৰু আৰ এম এন বিষয়াৰ মাজত পাৰস্পৰিক ভ্ৰমণ, পাৰস্পৰিক প্ৰশিক্ষণ, দুয়োখন নৌসেনাৰ মাজত ক্ৰীড়া অনুষ্ঠান, আৰু আই এন এছ সহ্যাদ্ৰীৰ ক্ৰুৰ বাবে বিনোদনমূলক চহৰ ভ্ৰমণ আদি অন্তৰ্ভুক্ত কৰা হৈছিল। ভাৰত-মালয়েছিয়াৰ বন্ধুত্ব শক্তিশালী কৰাৰ প্ৰতি ভাৰতীয় নৌসেনাৰ দায়বদ্ধতা প্ৰতিফলিত কৰি ক্ৰুৱে যোগাসন আৰু দাতব্য অনুষ্ঠানৰ আয়োজন কৰে।
কেপ্তেইন মাধৱালে বুজাই দিলে যে ভাৰত আৰু মালয়েছিয়াৰ মাজত এক চহকী আৰু বহুমুখী সম্পৰ্ক আছে, যিটো শতিকাজুৰি চলি অহা গভীৰ সাংস্কৃতিক, সামাজিক আৰু অৰ্থনৈতিক সম্পৰ্কৰ দ্বাৰা গঢ় লৈ উঠিছে। ভূ-ৰাজনৈতিক পৰিৱেশত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ গুৰুত্ব নিত্য বৃদ্ধি পোৱাৰ লগে লগে দুয়োখন ৰাষ্ট্ৰই পাৰস্পৰিক স্বাৰ্থৰ ভিত্তিত আঞ্চলিক অংশীদাৰিত্ব গঢ়ি তোলাৰ গুৰুত্ব ক্ৰমান্বয়ে স্বীকাৰ কৰিছে। দ্বিবাৰ্ষিক লিমা প্ৰদৰ্শনী আৰু মিলান অনুশীলনৰ জৰিয়তে বিগত কেইবছৰমানৰ পৰা ভাৰত আৰু মালয়েছিয়াৰ মাজত নৌসেনাৰ পৰা নৌসেনাৰ যোগাযোগ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ২০২৪ চনত ভাৰতীয় নৌসেনা আৰু আৰ এম এন জাহাজৰ মাজত অনুষ্ঠিত হোৱা ক্ষেত্ৰ প্ৰশিক্ষণ অনুশীলন ‘সমুদ্ৰ লক্ষ্মণ’ই এই অঞ্চলত সামুদ্ৰিক সুৰক্ষা আৰু সহযোগিতা শক্তিশালী কৰাৰ বাবে দুয়োখন দেশৰ দায়বদ্ধতাক জোৰ দিয়ে।
हिन्दुस्थान समाचार / অৰৱিন্দ
