-তেলেংগানা আৰু কৰ্ণাটকত জনসভা, তামিলনাডুত সন্ধিয়া ৰোড শ্ব’
নতুন দিল্লী, । দেশত লোকসভা নিৰ্বাচনৰ ৰণশিঙা বাজি উঠাৰ লগে লগে সকলো ৰাজনৈতিক দলৰ বিশিষ্ট নেতাই প্ৰচাৰত জপিয়াই পৰিছে। ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ শীৰ্ষ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যাপক সংখ্যাগৰিষ্ঠতা লাভৰ বাবে এক বৃহৎ ভ্ৰমণ আৰম্ভ কৰিছে। আজি তেওঁ তিনিখন ৰাজ্য তেলেংগানা, কৰ্ণাটক আৰু তামিলনাডু ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী মোডীৰ আজিৰ কাৰ্যসূচীৰ সবিশেষ ভাৰতীয় জনতা পাৰ্টিৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে।
বিজেপিৰ এক্স হেণ্ডেল পোষ্ট অনুসৰি আজি পুৱা ১১:৩০ বজাত তেলেংগানাৰ জগটিয়ালত প্ৰথমে এখন ৰাজহুৱা সভাত ভাষণ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পিছত তেওঁ কৰ্ণাটকলৈ যাব। তাত তেওঁ শিৱমোগাত বিয়লি ৩:১৫ বজাত এখন সভাত ভাষণ দিব। অৱশেষত তেওঁ তামিলনাডু পাবগৈ। সন্ধিয়া ৫:৪৫ বজাত কইম্বাটুৰত অনুষ্ঠিত হ’বলগীয়া ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব।
উল্লেখযোগ্য যে ১৪ মাৰ্চত কইম্বাটুৰ বিজেপিৰ জিলা সভাপতি জে. ৰমেশ কুমাৰে এই ৰোড শ্ব’ৰ বাবে আৰক্ষীৰ পৰা অনুমতি বিচাৰিছিল। ১৫ মাৰ্চৰ পুৱা আইন-শৃংখলাৰ উদ্বেগ আৰু পৰীক্ষা পৰিচালনাৰ কথা উল্লেখ কৰি অনুমতি নাকচ কৰা হয়। তাৰ পিছত জে. ৰমেশ কুমাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ত দাখিল কৰে। উচ্চ ন্যায়ালয়ে তামিলনাডু আৰক্ষীক নিৰ্দিষ্ট চৰ্তৰে প্ৰধানমন্ত্ৰী মোডীৰ ৰোড শ্ব’ত অনুমোদন দিবলৈ নিৰ্দেশ দিয়ে।
