শিৱসাগৰ, ২১ ফেব্ৰুৱাৰী: অসম চাহ নিগমৰ অধীন ৰজাবাৰী চাহবাগিচাৰ চাহ শ্ৰমিক সকলে বিগত ৮ মাহে লাভ কৰা নাই মজুৰি, ৰেচনসহ অন্যান্য সা সুবিধা।ইয়াৰ পৰিপ্ৰেক্ষিতত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে বাগিচাৰ শ্ৰমিক সকলে। আজি পুৱাই আটছাৰ উদ্যোগত তথা এ চি এম এছৰ সহযোগত বাগিচাৰ শ্ৰমিক সকলে প্ৰাপ্য বিচাৰি ডিমৌ ৰজাবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ আৰু থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ প্ৰতিকৃতি দাহেৰে এই প্রদিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিক সকলে।পৰৱৰ্তী সময়ত শ্ৰমিক সকলৰ দাবী পূৰণ নহলে বিধায়ক সুশান্ত বৰগোঁহাই বাসগৃহ ঘেৰাও কৰাৰ লগতে অহা ৯ মার্চত ডিমৌত বিভিন্ন চৰকাৰী কার্যসূচীত মুখ্যমন্ত্ৰীৰ অংশ গ্ৰহণ কৰাৰ কথা প্ৰচাৰ হোৱাৰ পাছত প্ৰতিবাদকাৰী সকলে উক্ত দিনা বাগিচাৰ শ্ৰমিক সকলে মুখ্যমন্ত্ৰীৰ সন্মুখতে প্রদিবাদ সাব্যস্ত কৰিব বুলিও হুংকাৰ প্ৰদান কৰে। ইয়াৰোপৰি আগন্তুক সময়ত লোকসভা নিৰ্বাচনত বাগিচাৰ অঞ্চলে অঞ্চলে গৈ বিজেপি দলৰ বিৰুদ্ধে প্ৰচাৰ চলাব বুলিও উল্লেখ কৰে।
উল্লেখনীয় যে, ২০২৩ বৰ্ষত চাহ বাগিছাখন দেউলিয়া ঘোষণা কৰি ৰাজ্য চৰকাৰ তথা অসম চাহ নিগমে দীনেশ কুকুৰাছোৱা নামৰ এগৰাকী ব্যক্তিক লীজত দিয়ে। উক্ত সময়ৰ পৰাই বাগিছাখন কৰ্মৰত কৰ্মচাৰীৰ উপৰি বাগিছা শ্ৰমিক সকলক মজুৰি তথা অন্যান্য সা-সুবিধা প্ৰদান কৰা ব্যৰ্থ হয় বাগিছা কতৃপক্ষই।
