–গুৱাহাটীত জৈন বিশ্ববিদ্যালয়ৰ হৈ বাস্কেটবলত ব্ৰঞ্জ জয় ছুডানৰ শিক্ষাৰ্থী ৰিকৰ
গুৱাহাটী, ২১ ফেব্ৰুৱাৰী : চলিত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত কেবল ভাৰতীয় খেলুৱৈয়ে অংশ লোৱা নাই ৷ গুৱাহাটীত চলি থকা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত প্ৰতিদ্বন্দ্বিতা কৰিছে বিদেশী খেলুৱৈয়েও উল্লেখ্য যে জৈন বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি চলিত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ পুৰুষৰ বাস্কেটবল প্ৰতিযোগিতাত অংশ লৈছে ছুডানৰ ৰিক গাটকুথে ৷ ইতিমধ্যে ব্ৰঞ্জ পদক জয় কৰি গুৱাহাটীৰ স্মৃতি স্মৰণীয়ও কৰিলে ৰিকে ৷ স্মৰ্তব্য যে পুৰুষৰ বাস্কেটবলৰ ছেমি ফাইনেলত জৈন বিশ্ববিদ্যালয় পাঞ্জাব বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে পৰাস্ত হয় ।
‘মোৰ জন্ম দক্ষিণ ছুডানত হৈছিল যদিও হাইস্কুলৰ শিক্ষা লৈছিলো কেনিয়াত ৷ কেনিয়াতে মোৰ কৈশোৰ আৰু যৌৱন কালৰ আনন্দৰ দিনবোৰ পাৰ হৈছিল ৷ তাৰ পিছতে ভাৰতলৈ আহি বাংগালুৰুৰ জৈন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ ৷ এইবাৰ মোৰ জৈন বিশ্ববিদ্যালয়ত শিক্ষাৰ দ্বিতীয়টো বৰ্ষ ৷ আনহাতে, মই জৈন বিশ্ববিদ্যালয়ৰ হৈ ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত অংশ লৈছো ৷ যোৱা বছৰ উত্তৰ প্ৰদেশত আমি সোণৰ পদক লাভ কৰিছিলো৷’ –ৰিকে কয় ৷
কিংবদন্তি কেভিন ডুৰাণ্টক নিজৰ আদৰ্শ হিচাপে লৈ ক্ৰীড়া কেৰিয়াৰ আগবঢ়াবলৈ বিচৰা ২৩ বছৰীয়া ৰিকে উন্নত প্ৰশিক্ষণৰ বাবে কানাডালৈ যোৱাৰ পৰিকল্পনা কৰিছিল ৷ কিন্তু সেয়া ভবা মতে নহ’ল৷ ‘মোৰ ভাইটিয়ে ভাৰতত ইঞ্জিনিয়াৰিঙৰ শিক্ষা গ্ৰহণ কৰিছিল ৷ মোৰ লক্ষ্য আছিল বাস্কেটবলৰ উন্নত প্ৰশিক্ষণৰ বাবে কানাডালৈ যোৱা ৷ কিন্তু প্ৰক্ৰিয়াটো পলম হ’ল ৷ সেয়ে দেউতাই মোক কম্পিউটাৰৰ উচ্ছশিক্ষা গ্ৰহণ কৰাৰ বাবে ভাৰতলৈ পঠিয়াই দিলে ৷’ –ৰিকে লগতে ব্যক্ত কৰে৷
খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত অংশগ্ৰহণ কৰাৰ অভিজ্ঞতাৰ বিষয়ে মন্তব্য কৰি ৰিকে কয় ‘খেলো ইণ্ডিয়া মই খেলা প্ৰতিযোগিতাসমূহৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ ৷ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা যদিও সকলো ব্যৱস্থা আন্তৰ্জতিক স্তৰৰ ৷ খেলৰ মৰ্যদা তথা আয়োজনৰ ব্যৱস্থাটো অতি উচ্ছস্তৰৰ ৷’
